ডিজিটেল ডেস্কঃ কৃষিজীৱি ৰাইজৰ বাবে ভাল খবৰ। এইবাৰ স্বাভাৱিক হ'ব বাৰিষা। কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে মঙ্গলবাৰে প্ৰকাশ কৰা এক তথ্যত এই কথা স্পষ্ট হৈছে।
এইবাৰ বৰষুণৰ পৰিমাণ স্বাভাৱিক হোৱাৰ বাবেই কৃষিক্ষেত্ৰখনৰ বাবে আহিছে ভাল খবৰ। বৰষুণৰ পৰিমাণ স্বাভাৱিক হোৱা মানে খাদ্য, শস্য উৎপাদনো স্বাভাৱিক হোৱা।
যদি সেয়াই হয় ,তেন্তে পূৰ্বে অনুমান কৰাৰ দৰে মুদ্ৰাস্ফিতিৰ পৰা দেশক ৰক্ষা কৰিব। দেশৰ কৃষকসকলে সাধাৰণতে জুনৰ পৰা গ্ৰীষ্মকালীন শস্য ৰোপণ কৰাৰ কাম আৰম্ভ কৰে।
এই সময়ত মৌচুমী বতাহৰ ফলত ভাৰতত বৰষুণ আৰম্ভ হয়। সেয়ে গ্ৰীষ্মকালৰ কৃষি কাৰ্য সমগ্ৰে দেশত আব্যহত থাকে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰিছে এইবাৰ বাৰিষা বৰষুণৰ দীৰ্ঘম্যাদী গড় অৰ্থাৎ এল পি এ হ'ব ৯৬ শতাংশ।
যদি বৰষুণৰ পৰিমাণ এল পি এৰ ৯০-৯৫ শতাংশৰ ভিতৰত হয় তেন্তে ই স্বাভাৱিকতকৈ কম হয়। যদি এল পি এ ৯৬-১০৪ শতাংশৰ ভিতৰত হয় তেন্তে ইয়াক স্বাভাৱিক বুলি ধৰা হয়। বৰষুণৰ এল পি এ ৯০ শতাংশৰ তলত হ'লে খৰাং বুলি ধৰা হয়। উল্লেখ্য যে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি বতৰৰ পৰৱৰ্তী আপডেট অহা মে' মাহৰ শেষ সপ্তাহত প্ৰকাশ পাব।
Also Read: বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ গাড়ীৰ খুন্দাত মৃত্যু যুৱকৰঃ ৫ দিনে নীৰৱ প্ৰশাসন...