'ইণ্ডিয়া' নহয়! মোডী চৰকাৰে সলনি কৰিলে আমাৰ দেশৰ নাম...

'ইণ্ডিয়া' নহয়! মোডী চৰকাৰে সলনি কৰিলে আমাৰ দেশৰ নাম...
Published on
Updated on

ডিজিটেল ডেস্কঃ সলনি হ'ব নেকি আমাৰ দেশৰ নাম? বিৰোধী মৰ্চাই মিত্ৰজোঁটৰ নাম 'ইণ্ডিয়া' নামাকৰণ কৰাৰ পাছতে মোডী চৰকাৰে এতিয়া দেশৰ নাম সলনি কৰাৰ যো-যা চলাইছে নেকি বুলি প্ৰশ্ন কৰিছে একাংশই।

কংগ্ৰেছে দাবী উত্থাপন কৰি কৈছে যে দেশৰ নাম 'ইণ্ডিয়া' সলনি কৰি দি 'ভাৰত' কৰাৰ যো-যা কৰিছে মোডী চৰকাৰে।

জি-২০ শীৰ্ষ সন্মিলনৰ পূৰ্বে দেশৰ নাম আৰু পৰিচয়ক লৈ এক নতুন বিবাদ আৰম্ভ হৈছে। কংগ্ৰেছৰ বিশিষ্ট নেতা জয়ৰাম ৰমেশে অভিযোগ উত্থাপন কৰি কৈছে যে মোডী চৰকাৰে মনে মনে দেশৰ নাম 'ইণ্ডিয়া' সলনি কৰি 'ভাৰত' কৰিছে। তেওঁ কয় যে, ''ৰাষ্ট্ৰপতি ভৱনৰ ফালৰ পৰা জি-২০ সন্মিলনৰ সময়ত নৈশ ভোজনৰ বাবে নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰিছে। সেই নিমন্ত্ৰণ পত্ৰত 'প্ৰেচিডেন্ট অফ ইণ্ডিয়া'ৰ সলনি 'প্ৰেচিডেণ্ট অফ ভাৰত' বুলি উল্লেখ কৰিছে''।

জয়ৰাম ৰমেশে টুইট কৰি কৈছে যে- এয়া সংবিধান বিৰোধী। কংগ্ৰেছৰ এই নেতাগৰাকীৰ টুইটৰ পাছতে দেশৰ ৰাজনীতিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।ইয়াৰ মাজতে এয়াও একাংশই দাবী কৰিছে যে চৰকাৰে আহ্বান কৰা সদনৰ বিশেষ অধিৱেশনত দেশৰ নাম সলনি কৰাৰ প্ৰস্তাৱ উত্থাপন কৰা হ'ব।

উল্লেখ্য যে, আৰএছএছৰ মুখ্য সংঘচালক মোহন ভাগৱতে এক অনুষ্ঠানৰ সময়ত জনতাক আহ্বান কৰিছিল সকলোৱে দেশৰ নাম 'ইণ্ডিয়া'ৰ সলনি 'ভাৰত' ব্যৱহাৰ কৰে। তেওঁ কৈছিল যে, দেশৰ নাম আগৰ পৰা 'ভাৰত' আছিল,'ইণ্ডিয়া' নহয়।যাৰ বাবে পুৰণি নামেই ব্যৱহাৰ কৰিব লাগে।

তেওঁ জৈন সমাজৰ এক অনুষ্ঠান সম্বোধন কৰি কৈছিল যে, ''আমাৰ দেশৰ নাম আগৰ পৰাই 'ভাৰত' আছিল।  ভাষা যিয়েই নহওক, নাম এটাই থাকে। আমাৰ দেশৰ নাম 'ভাৰত' । সেয়ে ব্যৱহাৰিক ক্ষেত্ৰখনতো 'ইণ্ডিয়া' নামৰ ব্যৱহাৰ বন্ধ কৰি 'ভাৰত' নাম ব্যৱহাৰ কৰা আৰম্ভ কৰি দিব লাগে। আমি আমাৰ দেশৰ নাম 'ভাৰত' বুলি ক'ব লাগিব আৰু বেলেগকো এই কথা বুজাব লাগিব''। ইয়াৰ এদিন পূৰ্বে তেওঁ কৈছিল যে. ভাৰত হিন্দু ৰাষ্ট্ৰ।

উল্লেখ্য যে, ৰাজ্যসভাত বৰ্ষাকালীন অধিৱেশনৰ সময়ত বিজেপিৰ সাংসদ নৰেশ বঞ্চলে দেশৰ নাম 'ইণ্ডিয়া' সলনি কৰি 'ভাৰত' কৰাৰ দাবী উত্থাপন কৰিছিল। তেওঁ কৈছিল 'ইণ্ডিয়া' নামতো ঔপনিৱেশিক দাসত্বৰ প্ৰতীক আৰু ইয়াক সংবিধানৰ পৰা আঁতৰাই দিব লাগে। 'ইণ্ডিয়া' শব্দটো ব্ৰিটিছে ব্যৱহাৰ কৰিছিল।দেশৰ প্ৰকৃত নাম 'ভাৰত'। যাৰ উল্লেখ প্ৰাচীন গ্ৰন্থতো আছে। হাজাৰ হাজাৰ বছৰ ধৰি ভাৰত ব্যৱহাৰ কৰি অহা হৈছে সেয়ে দেশৰ নাম 'ভাৰত' কৰিব লাগে।

ইয়াৰোপৰি কিছুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও দেশৰ নাম 'ভাৰত' বুলি উল্লেখ কৰিছিল। তেওঁ ছ'চিয়েল মিডিয়াৰ তথ্যত 'ইণ্ডিয়া' সলনি কৰি 'ভাৰত' কৰিছিল। ৫ ছেপ্টেম্বৰত আন এটি টুইট কৰি তেওঁ লিখিছে- ''ভাৰত গণৰাজ্য - সুখী আৰু গৌৰৱান্বিত যে আমাৰ সভ্যতাই অমৃত কালৰ দিশে সাহসেৰে আগবাঢ়িছে''।

উল্লেখ্য যে, শাসকীয় দলটোক কেইবাগৰাকী সাংসদে দেশৰ নাম ভাৰত কৰাৰ বাবে দাবী উত্থাপন কৰিছে। তাৰ বাবে সংবিধান সংশোধ কৰাৰো দাবী উত্থাপন কৰিছে একাংশই। ইতিমধ্যে মোডী চৰকাৰে দেশৰ নাম সলনি কৰাৰ ইংগিত প্ৰায় দিছে। গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে দেশৰ নাম সলনি হয় নে নহয়।

'ইণ্ডিয়া' নহয়! মোডী চৰকাৰে সলনি কৰিলে আমাৰ দেশৰ নাম...
অসুস্থ ড০ চন্দন মহন্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in