ডিজিটেল ডেস্ক : শনিবাৰে পুৱা ৮-০০ বজাৰ পৰা আৰম্ভ হৈছে উপ নিৰ্বাচনৰ ভোটগণনা পৰ্ব। দেশৰ ৭খন ৰাজ্যৰ ১৩টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগণনা প্ৰক্ৰিয়া।
ভোটগণনা চলি থকাৰ মাজতে এই মুহূৰ্তত লাভ কৰা তথ্য অনুসৰি ১খন আসনত জয়ী হৈছে ইণ্ডিয়া মৰ্চাৰ প্ৰাৰ্থী। লগতে ১০ আসনত ইণ্ডিয়া মৰ্চাই অগ্ৰগতি লাভ কৰি আছে। পশ্চিম জলন্ধাৰৰ আসনখন লাভ কৰিবলৈ সক্ষম হৈছে ইণ্ডিয়া মৰ্চাই।
ইয়াৰোপৰি পশ্চিম বংগত, তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীসকলে চাৰিখন আসনত আগবাঢ়ি আছে। ৰাজ্যখনৰ প্ৰতিটো সমষ্টিতে এই মুহূৰ্তলৈকে বিজেপি প্ৰাৰ্থী পিছ পৰি আছে। ইফালে হিমাচল প্ৰদেশত দুখন আসনত আগবাঢ়ি আছে কংগ্ৰেছৰ প্ৰাৰ্থী।
খবৰ অনুসৰি মধ্য প্ৰদেশত কংগ্ৰেছ প্ৰাৰ্থী ধিৰণ শ্বাহ ইনৱতীয়ে ৪হাজাৰতকৈও অধিক ভোটত অগ্ৰগতি লাভ কৰিছে। ইফালে বিহাৰত জেডি(ইউ)ৰ কলাধৰ প্ৰসাদ মণ্ডলে ৰুপাউলী সমষ্টি আৰু তামিলনাডুত ডিএমকেৰ অন্নিয়াৰ শিৱই ১০,০০০ তকৈও অধিক ভোটত আগবাঢ়ি থকা বুলি জানিব পৰা গৈছে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ১০ জুলাইত অনুষ্ঠিত হৈছিল উপ নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব। পশ্চিমবংগৰ ৪টা, হিমাচল প্ৰদেশৰ ৩টা, উত্তৰাখণ্ডৰ দুটা সমষ্টিৰ লগতে বিহাৰত ১খন মধ্য প্ৰদেশত ১খন, পাঞ্জাৱত ১খন, তামিলনাডুত ১ আন কেইবাখনো ৰাজ্যত এটাকৈ সমষ্টিত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ পৰ্ব।
Also Read: জামুগুৰিহাটৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুজন যুৱকৰ...