লোকসভাত দাখিল আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনঃ নিয়ন্ত্ৰণত আছে মুদ্ৰাস্ফীতি, হ্ৰাস পাব নিবনুৱা সমস্যা...

মহিলাৰ নিয়োগো যথেষ্ট বৃদ্ধিৰ কথা উল্লেখ
লোকসভাত দাখিল আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনঃ নিয়ন্ত্ৰণত আছে মুদ্ৰাস্ফীতি, হ্ৰাস পাব নিবনুৱা সমস্যা...
লোকসভাত দাখিল আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনঃ নিয়ন্ত্ৰণত আছে মুদ্ৰাস্ফীতি, হ্ৰাস পাব নিবনুৱা সমস্যা...
Published on
Updated on

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিবেশন। বাজেট দাখিলৰ পূৰ্বে আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত দাখিল কৰিলে আৰ্থিক সমীক্ষাৰ প্ৰতিবেদন। এই প্ৰতিবেদন দাখিল কৰাৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয়, দেশৰ অৰ্থনীতিয়ে কোৰোনা পৰিস্থিতিৰ পাছত একাধিক সমস্যাৰ সন্মুখীন হৈছিল। তাৰ পাছতো বৰ্তমান দেশৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত আছে।

তেওঁ দাখিল কৰা আৰ্থিক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি যোৱা বিত্তীয় বৰ্ষত দেশৰ অৰ্থনৈতিক বৃদ্ধি ৮.২ শতাংশ আশা কৰা হৈছিল। ২০২৪-২৫ অৰ্থনৈতিক বৰ্ষত অৰ্থনৈতিক বৃদ্ধি ৬.৫ শতাংশ ৰ পৰা ৭ শতাংশৰ মাজত বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে। সেইদৰেই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ মুদ্ৰাস্ফীতিৰ সূচক ৪.৫ শতাংশ স্থিৰ হৈছে। এই প্ৰতিবেদনত দেশৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত আছে বুলিও দাবী কৰা হৈছে।

আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে, ভাৰতীয় অৰ্থনীতি এক শক্তিশালী স্তম্ভ। ভূ-ৰাজনৈতিক প্ৰত্যাহ্বানৰ মুখামুখী হ'বলৈ ভাৰতৰ অৰ্থনীতি এতিয়া স্থিতিশীল।

প্ৰতিবেদন দাখিলৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, বিগত বিত্তীয় বৰ্ষত চাৰিটা ত্ৰৈমাসিকৰ ভিতৰত তিনিটাতেই আৰ্থিক বৃদ্ধি আছিল ৮ শতাংশৰো অধিক। ২০২৩ আৰু ২০২৪ বিত্তীয়বৰ্ষৰ ওপৰত ভিত্তি কৰি তৈয়াৰ হোৱা অৰ্থনৈতিক বৃদ্ধি আগন্তুক বছৰতো দেখা যাব।

যদিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা বুলি কোৱা হয়, প্ৰতিবেদনখনত খাদ্যৰ মুদ্ৰাস্ফীতিৰ আশংকা প্ৰকাশ কৰিছে। ২০২৩ বিত্তীয় বৰ্ষত, এই ক্ষেত্ৰত মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৬.৬ শতাংশ। ২০২৪ বিত্তীয় বৰ্ষত ই ৭.৫ শতাংশলৈ বৃদ্ধি পাইছে।

প্ৰতিবেদন অনুসৰি, প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ বাবে খাদ্য সামগ্ৰী উৎপাদনত প্ৰভাৱ পৰিছে। খেতি কৰোঁতে কৃষকসকলে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈছে। ইয়াৰ বাবে খাদ্যৰ মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে বুলি কোৱা হৈছে।

অৱশ্যে, খুচুৰা মুদ্ৰাস্ফীতি বিত্তীয় বৰ্ষ ২০২৩ ৰ পৰা বিত্তীয় বৰ্ষ ২০২৪ লৈ ১.৩ শতাংশ হ্ৰাস পাইছে। প্ৰতিবেদনখনত এইটোও দাবী কৰা হৈছে যে কোৰোনা ভাইৰাছৰ প্ৰকোপৰ সন্মুখীন হোৱাৰ পাছত খুচুৰা মুদ্ৰাস্ফীতিৰ এয়া সৰ্বনিম্ন হাৰ।

প্ৰতিবেদনখনত বাৰ্ষিক নিবনুৱাৰ কথাও উল্লেখ কৰা হৈছে। কোৱা হৈছে যে পৰৱৰ্তী বিত্তীয় বৰ্ষত নিবনুৱাৰ হাৰ হ্ৰাস হ'ব পাৰে। কোৰোনা পৰ্যায়ৰ পিছত দেশৰ বিভিন্ন প্ৰান্তত নিযুক্তি বৃদ্ধি পাইছে। ই ভাৰতৰ অৰ্থনীতিক যথেষ্ট প্ৰভাৱে পেলাইছে।

মহিলাৰ নিয়োগৰ সংখ্যাও বৃদ্ধি পাইছে। ২০১৭-১৮ বৰ্ষত, এই হাৰ আছিল ২৩.৩ শতাংশ। যোৱা ছয় বছৰত, সেই হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ২০২২-২৩ বৰ্ষত, ই ৩৭ শতাংশলৈ বৃদ্ধি পাইছে। বিশেষকৈ, গ্ৰাম্য অঞ্চলত কাম কৰা মহিলাৰ প্ৰৱণতা যথেষ্ট বৃদ্ধি পাইছে।

লোকসভাত দাখিল আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনঃ নিয়ন্ত্ৰণত আছে মুদ্ৰাস্ফীতি, হ্ৰাস পাব নিবনুৱা সমস্যা...
শাওনৰ প্ৰথম সোমবাৰে ঢকুৱাখনা মুক্তিনাথ মন্দিৰত বহু ভক্তৰ সমাগম...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in