দেশৰ প্ৰান্তে প্ৰান্তে জলপ্ৰলয়ঃ স্তব্ধ যাতায়ত, কৰুণ মৃত্যু...

প্ৰবল বৃষ্টিপাতে ধুইছে দেশৰ ৰাজধানী চহৰ দিল্লীকে ধৰি জম্মু-কাশ্মিৰ, হাৰিয়ানা, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আদি ৰাজ্যক

author-image
Asomiya Pratidin
New Update
দেশৰ প্ৰান্তে প্ৰান্তে জলপ্ৰলয়ঃ স্তব্ধ যাতায়ত, কৰুণ মৃত্যু...

ডিজিটেল ডেস্ক : দেশৰ কেইবাখনো ৰাজ্যত এতিয়া দেখা গৈছে জলপ্ৰলয়। প্ৰবল বৃষ্টিপাতে ধুইছে দেশৰ ৰাজধানী চহৰ দিল্লীকে ধৰি জম্মু-কাশ্মিৰ, হাৰিয়ানা, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আদি ৰাজ্যক। জলপ্ৰলয়ৰ কোবত বন্ধ হৈ পৰিছে বাট-পথ, ৰে'ল চলাচল। উক্ত আটাইকেইখন ৰাজ্যৰ কেইবাখনো জিলাত জলপ্ৰলয়ৰ বাবে প্ৰায় স্থবিৰ হৈ পৰিছে সাধাৰণ জনজীৱন।

দেশৰ ৰাজধানী চহৰ দিল্লীত পানী জমা হোৱাৰ ফলত কেইবাটাও ঠাইত সৃষ্টি হৈছে যান-জঁট। শনিবাৰ তথা দেওবাৰৰ দিনটোত চহৰখনত ২৪ ঘণ্টাত ১৫৩ মিমি বৰষুণে দেখা দিয়ে, যি বৰষুণক ১৯৮২ চনৰ পিছত ৪০ বছৰীয়া অভিলেখ ভংগ কৰি সৰ্বাধিক বৰষুণৰ পৰিমাণ বুলি গণ্য কৰিছে ৰাজ্য চৰকাৰে। এই জলপ্ৰলয়ৰ বাবে দিল্লীত এগৰাকী ৫৮ বছৰীয়া মহিলাৰ মৃত্যু হোৱাৰ বিপৰীতে ৰাজস্থানত ২৪ ঘণ্টাৰ ব্যৱধানত ৪ জন লোক নিহত হয়।

ৰাজধানী চহৰখনৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সকলো মন্ত্ৰী আৰু মেয়ৰক বান এলেকা পৰিদৰ্শন কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। তদুপৰি বিভাগীয় বিষয়াসকলক দেওবাৰৰ বন্ধ বাতিল কৰি বানক্ৰান্তক সহায় কৰিবলৈও নিৰ্দেশ দিছে।

আকৌ নেৰানেপেৰা বৰষুণ আৰু ভূমিস্খলনৰ বাবে বাৰ্ষিক অমৰনাথ যাত্ৰা বিগত তৃতীয় দিন ধৰি স্থগিত ৰখা হৈছে। একেদৰে ভূমিস্খলনৰ বাবে শ্ৰীনগৰ-জম্মু ঘাইপথত প্ৰায় ৩,০০০ বাহন আৱদ্ধ হৈ পৰিছে।

এনে সময়তে বতৰ বিজ্ঞান কাৰ্যালয়ে দিয়া আগজাননীৰ বাবে চিন্তিত হৈ পৰিছে ৰাজ্যকেইখনৰ অঞ্চলবাসী। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে অহা দিনকেইটাত উত্তৰ-পশ্চিম ভাৰতৰ কেইবাটাও অঞ্চলত ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব। ভাৰতীয় মেট্ৰ'লজিকেল বিভাগে দিল্লী, হাৰিয়ানা, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ৰাজস্থান, পঞ্জাৱ আৰু জম্মু-কাশ্মীৰত ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননি জাৰি কৰিছে।

Also Read: অনিৰ্দিষ্ট কাললৈ কমলাবাৰী নিমাতি ফেৰী সেৱা বন্ধৰ ঘোষণা...

arvinda kejriwal Govt of India