ডিজিটেল ডেস্ক : ভাৰতত বৰ্ণ বৈষম্যৰ ইতিহাস নতুন নহয় । সততেই বৰ্ণ বৈষম্যৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছে বহু অভিযোগ দেশৰ বিভিন্ন প্ৰান্তত । কিছু কিছু ৰাজ্যত এই সমস্যা খুবেই গভীৰ । বিহাৰ, উত্তৰ প্ৰদেশ আদি অঞ্চলত আজিও শ্ৰেণী বিভাজন বৰ্ণ বৈষম্যৰ ওপৰত আধাৰিত । একেই অৱস্থা দাক্ষিণাত্যৰো কিছু কিছু ঠাইত । কিন্তু তাৰ মাজতেই নাগৰিক সকললৈ কিছু সকাহ কঢ়িয়াই আনিছে দিল্লী উচ্চ ন্যায়ালয়ে ।
উল্লেখ্য যে, দিল্লীত চি বি এচ চি ব'ৰ্ডৰ অন্তৰ্গত দুটি অনুসূচিত জাতিৰ শিক্ষাৰ্থীয়ে নিজৰ পিতৃৰ উপাধি সলনি কৰাৰ বাবে আৱেদন দাখিল কৰিছিল উচ্চ ন্যায়ালয়ত । সেই আৱেদনৰ ভিত্তিত সংবিধানৰ ২১ নং দফাৰ আধাৰত ন্যায়ালয়ে দিয়া মন্তব্য অনুসৰি, এতিয়াৰে পৰা কোনো লোকে বৰ্ণ বৈষম্যৰ সন্মুখীন হ'লে নিজৰ উপাধি সলনি কৰিব পাৰিব । কিন্তু একে সময়তেই উত্থাপন হয় আন এক প্ৰশ্নৰ ।
বৰ্ণ বৈষম্যৰ পৰা ভাৰতক মুক্ত কৰাত অসফল নেকি ভাৰত চৰকাৰ ? এতিয়াও বহু ঠাইত বৰ্ণ বৈষম্যৰ ওপৰত ভিত্তি কৰিয়েই ৰাজনীতি হয়, সমাজনীতি হয় । তেনেস্থলত বৰ্ণ বৈষম্য যেন এক সোণৰ কণী পৰা হাঁহ হৈ পৰিছে চৰকাৰৰ বাবে । একে সময়তেই ন্যায়ালয়ৰ এই সিদ্ধান্ত প্ৰশংসনীয় যদিও এই সিদ্ধান্তই পৰৱৰ্তী সময়ত বৰ্ণ বৈষম্য কিদৰে ৰোধ কৰিব সেইয়া সন্দেহৰ আৱৰ্তত । এই ঘটনাই এতিয়া আগন্তুক সময়ত বৰ্ণ বৈষম্য কিদৰে ৰোধ কৰিব সেইয়া হ'ব লক্ষণীয় ।