ডিজিটেল ডেস্কঃ সন্দেহ কৰা ধৰণেই ভাৰত-বাংলাদেশ সীমান্ততো বৃদ্ধি পাইছে উত্তেজনা। বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশৰ বাবে চেষ্টা চলাইছে একাংশ বাংলাদেশীয়ে।
বাংলাদেশৰ বৰ্তমানৰ অশান্ত পৰিস্থিতিৰ ফলশ্ৰুতিত দেশখনৰ পৰা সীমান্ত পাৰ হৈ ভাৰতত আশ্ৰয় ল'বলৈ সীমান্তত দীঘলীয়া শাৰী পাতিছে বাংলাদেশীয়ে। বুধবাৰে বিয়লি পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত কেইবাশ বাংলাদেশী নাগৰিকে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰে।
সীমান্ত অঞ্চলটোৰ ঝাপোৰ্টালা সীমান্ত চকীৰ অন্তৰ্গত দক্ষিণ বেৰুবাৰী গাঁৱত মাজেৰে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰা এই বাংলাদেশী লোকসকলক অৱশ্যে ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল। ভাৰতীয় সীমান্তৰক্ষী বাহিনীক পূৰ্বেই এই সন্দৰ্ভত সতৰ্কতা জাৰি কৰি থোৱা আছিল। সেই অনুসৰিয়েই সতৰ্ক হৈ আছিল বি এছ এফ।
আনহাতে বিজিবিয়েও তেওঁলোকৰ এই লোকসকলক ভাৰত সীমান্তৰ পৰা উভতাই নিবলৈ সক্ষম হয়। জানিব পৰা মতে এই লোকসকল সীমান্তৰ পঞ্চগড় জিলাৰ প্ৰায় পাঁচখন গাঁৱৰ বাসিন্দা আছিল।
এই সন্দৰ্ভত বিএছএফৰ শীৰ্ষ বিষয়াই কয়, সীমান্ত সম্পূৰ্ণৰূপে বন্ধ হৈ থকাৰ ফলত কোনো বাংলাদেশী নাগৰিক ভাৰতত প্ৰৱেশ কৰিবলৈ সক্ষম নহ'ল। পাছত তেওঁলোকক বিজিবিয়ে ঘূৰাই লৈ যায়। জানিব পৰা মতে সীমান্ত সম্পূৰ্ণৰূপে বন্ধ হৈ থকাৰ বাবে এই লোকসকলে কাঁইটীয়া তাঁৰ পাৰ হৈ ভাৰতত প্ৰৱেশৰো চেষ্টা চলাইছিল।
"A large group of Bangladesh nationals gathered in patches at various locations at the International Border along North Bengal today evening. They were attempting to sneak into Indian territory. They were dispersed with the help of Border Guard Bangladesh, Civil Administration… pic.twitter.com/ATqdWraBur
— ANI (@ANI) August 7, 2024
Also Read: ১৫ বছৰত ১৫ লাখ কোটিতকৈ অধিক ঋণ লৈছিল হাছিনাইঃ এৰা নাছিল বিলাসীতা...