Indo China Border: অৰুণাচল সীমান্তত অধিক আগ্ৰাসী চীন...

সীমান্তৰ কাষতে নিৰ্মাণ সম্পূৰ্ণ কৰিলে হেলিপোৰ্ট
Indo China Border: অৰুণাচল সীমান্তত অধিক আগ্ৰাসী চীন...
Indo China Border: অৰুণাচল সীমান্তত অধিক আগ্ৰাসী চীন...
Published on
Updated on

ডিজিটেল ডেস্কঃ ক্ৰমাৎ অধিক আগ্ৰাসী হৈছে ৰঙা চীন (China)। চুবুৰীয়া দেশখনে সীমান্তত অব্যাহত ৰাখিছে আগ্ৰাসন। বিশেষকৈ অৰুণাচল সীমান্ত (Arunachal Border) ত চীনৰ বিতৰ্কিত কাম-কাজ আজি কিছু বছৰৰ পৰা যথেষ্ট বৃদ্ধি পাইছে।

কিছু দিনৰ পূৰ্বে অৰুণাচলৰ কেইবাটাও অঞ্চলৰ নাম নিজাকৈ সলনি কৰা চীনে তাৰ পূৰ্বে ভাৰতৰ ভূ-খণ্ডত প্ৰৱেশ কৰি গাওঁ নিৰ্মাণ কৰাৰো খবৰ প্ৰকাশ পাইছিল একাধিক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। উপগ্ৰহৰ পৰা প্ৰাপ্ত চিত্ৰ অনুসৰি সীমান্তত চীনে বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্যও চলাই আহিছিল।

শেহতীয়াকৈ চীনৰ আন এক কু-কাৰ্য পোহৰলৈ আহিছে। দেশখনে এইবাৰ অৰুণাচল সীমান্তৰ অতি সংবেদনশীল ফিছটেইল অঞ্চল (Fishtails Area)ৰ কাষৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষতেই নিৰ্মাণ কৰিছে হেলিপোৰ্ট। ইতিমধ্যে উপগ্ৰহৰ পৰা প্ৰাপ্ত চিত্ৰত এই বিষয়ে স্পষ্ট হৈছে।

চীনৰ এনে নিৰ্মাণ কাৰ্যৰ আঁৰত যে গভীৰ ষড়যন্ত্ৰ লুকাই আছে সেয়া নকলেও বুজিব পাৰি। সীমান্তৰ অতি সংবেদনশীল এই অঞ্চললৈ অতি সহজে যাতে সেনাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ লগতে যুদ্ধ সামগ্ৰী কঢ়িয়াই আনিব পাৰি সেই বিষয়টো মনত ৰাখিয়েই এনে নিৰ্মাণ কাৰ্য চলাইছে।

চীনৰ এনে কৌশলৰ বাবে স্বাভাৱিকতে অদি দুৰ্গম বুলি পৰিচিত অৰুণাচলৰ ভাৰত-চীন সীমান্ত (Indo-China Border, Arunachal) ত বিপদ বাঢ়িব ভাৰতীয় সেনাৰ। উপ-গ্ৰহৰ পৰা প্ৰাপ্ত চিত্ৰ অনুসৰি দেখা গৈছে চীনে এই হেলিপোৰ্ট নিৰ্মাণ কৰিছে গংৰিগাবু কু নদীৰ পাৰত। এই অঞ্চলটো তীব্বতৰ স্বায়ত্বশাসিত অঞ্চল নিংচি প্ৰিফেকচাৰত আছে।

এই অঞ্চল দীৰ্ঘদিনৰ পৰাই আছে চীনৰ নিয়ন্ত্ৰণত। লক্ষ্যণীয় ভাৱে ২০২৩ ৰ ১ ডিচেম্বৰ পৰ্যন্ত ইয়াত কোনো নিৰ্মাণ কাৰ্য চলা নাছিল। উপগ্ৰহৰ পৰা প্ৰাপ্ত চিত্ৰ বিশ্লেষণ কৰাত এই কথা স্পষ্ট হয় যে, ২০২৩ ৰ ৩১ ডিচেম্বৰৰ ভিতৰত এই অঞ্চলটো পৰিস্কাৰ কৰা হৈছিল।

সেয়া যে এনে নিৰ্মাণ কাৰ্যৰ বাবেই কৰা হৈছিল এতিয়া স্পষ্ট হৈছে। যোৱা ১৬ ছেপ্টেম্বৰত পোহৰলৈ অহা আন এখন উপগ্ৰহৰ চিত্ৰত সেই অঞ্চলত তীব্ৰ গতিত নিৰ্মাণ চলি থকাটো স্পষ্ট হৈছে। এই চিত্ৰত দেখা গৈছে নিৰ্মাণ কৰা হেলিপোৰ্টৰ ৰাণৱে'ৰ দৈৰ্ঘ্য হৈছে ৬০০ মিটাৰ। নিৰ্মাণ কৰিছে এয়াৰ ট্ৰেফিক কণ্ট্ৰল।

ইফালে লাডাখৰ সীমান্ততো চীনে এনেধৰণৰ কামকাজ অব্যাহত ৰাখিছে। লাডাখ (Ladakh) ৰ পাঙগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ পাৰৰ কিছু অঞ্চলত কংক্ৰিট দলং নিৰ্মাণ কৰিছে চীনে।

এই দলংখনৰ দৈৰ্ঘ্য প্ৰায় ৪০০ মিটাৰ। ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰা এই দলংখনৰ ওপৰেদি চীনা আৰ্মিৰ বাহন চলাচল আৰম্ভ হৈছে। এই অঞ্চলটো ১৯৫২ চনৰ পৰাই আছে চীনৰ দখলত।

সীমান্তত এইদৰে চীনে দেখুওৱা তৎপৰতাই ভাৰতৰ ওপৰত নিশ্চয়কৈ চাপ সৃষ্টি কৰিছে। কিছু দিনৰ আগলৈকে চীনে অৰুণাচলক তেওঁলোকৰ বুলি দাবী কৰি আহিছিল।

চীনত অনুষ্ঠিত হোৱা বিশ্ব জুডো চেম্পিয়নশ্বিপ, এছিয়ান গেমছ (Asian Games) ত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হোৱা ভাৰতীয় খেলুৱৈৰ পি আৰ চি অৰুণাচলৰ হোৱাৰ বাবেই দেশখনে ভিছা দিয়াৰ পৰা বিৰত আছিল। অৰুণাচলক চীনৰ অংশ হিচাপে দেখুৱাই বাৰে বাৰে মেপ প্ৰকাশ কৰাৰ লগতে অৰুণাচলৰ একাধিক নাম সলনি কৰিছে।

ভাৰতে ইয়াৰ বিৰোধিতা কৰিছে যদিও অৰুণাচল সীমান্তক লৈ আজিও শক্তিশালী স্থিতি গ্ৰহণ নকৰাৰ অভিযোগ আছে। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী (Defense Minister of India)য়ে অৰুণাচল ভ্ৰমণ কৰিলেও বিৰোধিতা কৰা চীনে এতিয়া একেবাৰে সীমান্তৰ কাষতে হেলিপেড নিৰ্মাণ কৰা কাৰ্যত ভাৰত চৰকাৰৰ প্ৰতিক্ৰিয়া কি হ’ব বা ভাৰত চৰকাৰে ইয়াৰ বিৰুদ্ধে কি স্থিতি গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয়।

Indo China Border: অৰুণাচল সীমান্তত অধিক আগ্ৰাসী চীন...
One Nation, One Election: দেশত একে সময়তে হ'ব লোকসভা, বিধানসভাৰ নিৰ্বাচন!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in