কল্যাণ বৰুৱা সাংবাদিকতা বঁটাৰ বাবে আবেদন আহ্বান....

নতুন দিল্লীত নৰ্থ ইষ্ট মিডিয়া ফৰাম আৰু মাই হ'ম ইণ্ডিয়াৰ যৌথ সংবাদমেল
কল্যাণ বৰুৱা সাংবাদিকতা বঁটাৰ বাবে আবেদন আহ্বান....
কল্যাণ বৰুৱা সাংবাদিকতা বঁটাৰ বাবে আবেদন আহ্বান....
Published on
Updated on

ডিজিটেল ডেস্কঃ প্ৰয়াত সাংবাদিক কল্যাণ বৰুৱাৰ স্মৃতিত ২০২৩ ৰ পৰা প্ৰদান কৰি অহা কল্যাণ বৰুৱা সাংবাদিকতা বঁটা-২০২৪ ৰ বাবে আবেদন আহ্বান কৰা হৈছে। আজি এই সন্দৰ্ভত নতুন দিল্লীত এক যৌথ সংবাদ মেল সম্বোধন কৰে নৰ্থ ইষ্ট মিডিয়া ফৰাম আৰু মাই হম ইণ্ডিয়াই।

নৰ্থ ইষ্ট মিডিয়া ফৰামৰ সভাপতি সঞ্জীৱ কুমাৰ বৰুৱা, সাধাৰণ সম্পাদক প্ৰাঞ্জল প্ৰতিম দাস আৰু মাই হ'ম ইণ্ডিয়াৰ দিল্লী শাখাৰ সভাপতি তথা অধিবক্তা বলদেৱ ৰাজ চছদেৱা আৰু পি আৰ অ' কুমাৰ গণেশমে সম্বোধন কৰা এই সংবাদমেলত জনোৱা অনুসৰি দ্বিতীয়বাৰৰ বাবে প্ৰদান কৰিবলোৱা এই বঁটা এইবাৰ ১১ ডিচেম্বৰত প্ৰদান কৰা হ'ব।

সংবাদ মেলত উল্লেখ কৰা অনুসৰি এইবাৰ এই বঁটা মুঠ চাৰিটা শিতানত প্ৰদান কৰা হ'ব। সেই কেইটা ক্ৰমে ক্ৰমে প্ৰিণ্ট, ডিজিটেল মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া, ষ্টীল ফটোগ্ৰাফাৰ আৰু ভিডিঅ' গ্ৰাফাৰ। ইয়াৰোপৰি জুৰীৰ দ্বাৰাৰ নিৰ্বাচিত এগৰাকী জ্যেষ্ঠ সাংবাদিকক প্ৰদান কৰা হ'ব লাইফটাইম এচিভমেণ্ট এৱাৰ্ড।

এই বঁটাৰ প্ৰতিটো শিতানৰ বাবে সাংবাদিকে নিজেই আবেদন কৰিব পাৰিব। ইয়াৰোপৰি চাৰিওতা শিতানত কোনো এজন সাংবাদিকক আন এজন সাংবাদিকেও মনোনীত কৰিব পাৰিব।

এই বঁটাৰ বাবে দেশৰ যিকোনো প্ৰান্তত থাকি উত্তৰ পূৰ্বাঞ্চলৰ বিষয়সমূহৰ ওপৰত কৰ্মৰত নিয়মীয়া আৰু স্বতন্ত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংবাদিকে আবেদন কৰিব পাৰিব। বঁটাৰ বাবে আবেদন কৰাৰ ক্ষেত্ৰত বয়সৰ কোনো নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ কৰা হোৱা নাই।

আবেদনকাৰীসকলে ইতিমধ্যে প্ৰকাশিত বা প্ৰচাৰিত নিজৰ বাইলাইন থকা ৩ টাৰ পৰা ৫ টা বাতৰি, ভিডিঅ' ক্লিপ, ফটোগ্ৰাফ আদি আবেদনৰ লগত সংলগ্ন কৰিব লাগিব। আবেদনৰ লগত নিজৰ পৰিচয়পত্ৰ, কৰ্মৰত প্ৰতিষ্ঠানৰ পৰিচয়পত্ৰও প্ৰদান কৰিব লাগিব ৷ আবেদনৰ অন্তিম তাৰিখ ৩০ ছেপ্তেম্বৰ ২০২৪ নিৰ্ধাৰণ কৰা হৈছে। এই বঁটাৰ বাবে আগ্ৰহী সংবাদকৰ্মীসকলে northeastmediaforumofficial@gmail.com ইমেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব।

কল্যাণ বৰুৱা সাংবাদিকতা বঁটাৰ বাবে আবেদন আহ্বান....
নগাঁৱত বন বিভাগৰ অভিযানঃ গঁড়ৰ খৰ্গসহ এটা চোৰাং চিকাৰী আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in