ইছৰোৰ বিজ্ঞানীলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান লিজিয়ন ডি অনাৰ

ইছৰোৰ বিজ্ঞানীলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান লিজিয়ন ডি অনাৰ

author-image
Asomiya Pratidin
New Update
ইছৰোৰ বিজ্ঞানীলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান লিজিয়ন ডি অনাৰ

ডিজিটেল ডেস্কঃ ইছৰোৰ মানৱ মহাকাশ উৰণ কাৰ্যসূচী সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালক ভি আৰ ললিথাম্বিকালৈ শীৰ্ষ ফৰাচী অসামৰিক সন্মান লিজিয়ন ডি অনাৰ প্ৰদান কৰা হয়। ফ্ৰান্স আৰু ভাৰতৰ মাজত মহাকাশ গৱেষণাত আগবঢ়োৱা সহযোগিতাৰ বাবে ভি আৰ ললিথাম্বিকা এই সন্মান প্ৰদান কৰা হয়। ২৭ নবেম্বৰত ফ্ৰান্স চৰকাৰৰ হৈ ভাৰতত থকা ফ্ৰান্সৰ ৰাষ্ট্ৰদূত থিয়ৰী মাথৌৱে তেওঁক এই বঁটা প্ৰদান কৰে।

১৮০২ চনত নেপোলিয়ন বোনাপাৰ্টে সৃষ্টি কৰা লেজিয়ন ডি অনাৰ (লিজিয়ন অৱ অনাৰ) হৈছে ফ্ৰান্সৰ প্ৰতি অসাধাৰণ সেৱা আগবঢ়োৱাৰ বাবে ফ্ৰান্স ৰিপাব্লিকে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক বঁটা। উল্লেখ্য যে, এই বঁটা প্ৰাপকসকলৰ জাতীয়তা নিৰ্বিশেষে প্ৰদান কৰা হয়। অৰ্থাৎ এই বঁটা প্ৰাপকসকল ফ্ৰান্সৰ নাগৰিক হোৱাটো প্ৰয়োজনীয় নহয়। পৃথিৱীৰ যিকোনো দেশৰ ব্যক্তিয়েই এই বঁটা লাভ কৰিব পাৰে।

উন্নত উৎক্ষেপণ বাহন প্ৰযুক্তিৰ বিশেষজ্ঞ ইছৰোৰ বিশিষ্ট বিজ্ঞানী ললিথাম্বিকাই ইছৰোৰ বিভিন্ন ৰকেট, বিশেষকৈ মেৰু উপগ্ৰহ উৎক্ষেপণ বাহন (পিএছএলভি)ৰ ওপৰত উল্লেখনীয় কাম কৰিছে।

২০১৮ চনত মানৱ মহাকাশ উৰণ কাৰ্যসূচীৰ সঞ্চালিকা হিচাপে ললিথাম্বিকাই ভাৰতৰ গগনযান প্ৰকল্পৰ বাবে ফ্ৰান্সৰ ৰাষ্ট্ৰীয় মহাকাশ সংস্থাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিল।

মানৱ মহাকাশ উৰণৰ ক্ষেত্ৰত চিএনইএছ আৰু ইছৰোৰ মাজত সহযোগিতাৰ বাবে প্ৰথমখন যুটীয়া চুক্তি স্বাক্ষৰ কৰাত ললিথাম্বিকা যথেষ্ট সহায় কৰিছিল, যাৰ অধীনত দুয়োখন দেশে মহাকাশ গৱেষণাৰ ক্ষেত্ৰত কাম কৰিবলৈ বিশেষজ্ঞৰ আদান-প্ৰদান কৰিব পাৰিছিল।

২০২১ চনত ফ্ৰান্সৰ প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ ইছৰো ভ্ৰমণৰ সময়ত ভাৰতীয় মহাকাশচাৰী কাৰ্যসূচী সন্দৰ্ভত ফ্ৰান্স আৰু ভাৰতৰ মাজত দ্বিতীয়খন চুক্তি স্বাক্ষৰ কৰাত ললিতাম্বিকাই যথেষ্ট অৰিহণা আগবঢ়াইছিল।

Also Read: বিদ্ৰোহীৰ আক্ৰমণত ধ্বংস শিবিৰঃ প্ৰাণৰ মমতাত ম্যানমাৰ পৰা মিজোৰামত প্ৰৱেশ ৩০ বাৰ্মিজ সেনাৰ...

isro