বিমানতো যাত্ৰীয়ে লাভ কৰিব ইণ্টাৰনেট সেৱাঃ ইছৰোৱে লৈছে বিশেষ পদক্ষেপ...

বিমান যাত্ৰীসকলৰ বাবে এক ভাল খবৰ দিছে ইছৰোৱে। সকলো ঠিকেই থাকিলে বিমান যাত্ৰাৰ সময়তো যাত্ৰীসকলে লাভ কৰিব ইণ্টাৰনেট সেৱা। বিমানৰ ভিতৰতো সকলো যাত্ৰীয়ে ইচ্ছানুসৰি মোবাইলৰ সেৱা গ্ৰহণ কৰিব পাৰিব।  

author-image
Asomiya Pratidin
New Update
বিমানতো লাভ কৰিব ইণ্টাৰনেট

ডিজিটেল ডেস্কঃ বিমান যাত্ৰীসকলৰ বাবে এক ভাল খবৰ দিছে ইছৰোৱে। সকলো ঠিকেই থাকিলে বিমান যাত্ৰাৰ সময়তো যাত্ৰীসকলে লাভ কৰিব ইণ্টাৰনেট সেৱা। বিমানৰ ভিতৰতো সকলো যাত্ৰীয়ে ইচ্ছানুসৰি মোবাইলৰ সেৱা গ্ৰহণ কৰিব পাৰিব।  

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে প্ৰকাশ কৰা মতে আন এক নতুন প্ৰকল্প হাতত লৈছে। ইছৰোৱে এইবাৰ স্পেছএক্সৰ ফ্যেলকন-৯ ৰকেট ব্যৱহাৰ কৰি এটা যোগাযোগ ছেটেলাইট উৎক্ষেপণ কৰিবলৈ আগবাঢ়িছে। এয়া হব ইছৰোৰ স্পেছএক্সৰ মাধ্যমেৰে প্ৰথম বাণিজ্যিক উৎক্ষেপণ।

উল্লেখ্য যে, স্পেছএক্স হৈছে এটা ৰকেট তথা মহাকাশ গৱেষণা সামগ্ৰী নিৰ্মাতা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানৰ গৰাকী ইলন মাস্ক। 

ইছৰোৱে উৎক্ষেপণ কৰিবলগীয়া এই - ছেটেলাইটটোৱে ভাৰতীয় আকাশত উৰণৰত অৱস্থাতো ইণ্টাৰেনেট সেৱা প্ৰদান কৰিব। বিমান যাত্ৰীয়ে ৱাই-ফাইৰ মাধ্যমেৰে ইয়াৰ সেৱা লাভ কৰিব। ইয়াৰ আগলৈকে এনে সেৱা ভাৰতত নিষিদ্ধ আছিল।

যোৱা ৪ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নতুন নিয়ম অনুসৰি ৩০০০ মিটাৰ উচ্চতা পোৱাৰ পাছত যাত্ৰীসকলে এতিয়াৰে পৰা তেওঁলোকৰ ইলেক্ট্ৰিক ডিভাইছ ব্যৱহাৰ কৰিব পাৰিব। ফলত বিমান যাত্ৰীসকলে এতিয়াৰে পৰা বিমানতো ইণ্টাৰনেট সেৱা লাভ কৰিব।

ছেটেলাইটৰ ওজন ৪,৭০০ কিলোগ্ৰাম। এই ছেটেলাইট ইছৰোৰ নিজা মহাকাশযান ৰ দ্বাৰা উৎক্ষেপণ সম্ভৱ নহয়। সেয়ে ইয়াৰ বাবে স্পেছএক্সৰ ফ্যেলকন-৯ ৰকেট ব্যৱহাৰ কৰিব।

এই ছেটেলাইটৰ আয়ুস হ'ব ১৪ বছৰ। এই ছেটেলাইটে ভাৰতৰ উন্নত যোগাযোগ আন্তঃগাঁথনিত গুৰুত্বপূৰ্ণ অংশ হিচাপে কাম কৰিব।

ইছৰো elon mask