চন্দ্ৰপৃষ্ঠত ডাঙৰ গাত, প্ৰত্যাহ্বান নেওচি আগলৈ গতি কৰিছে ৰোভাৰ প্ৰজ্ঞানে

চন্দ্ৰপৃষ্ঠত ডাঙৰ গাত, প্ৰত্যাহ্বান নেওচি আগলৈ গতি কৰিছে ৰোভাৰ প্ৰজ্ঞানে
Published on
Updated on

ডিজিটেল ডেস্কঃ ২৩ আগষ্টত চন্দ্ৰযান-৩ ৰ সফল অৱতৰণৰ পাছতে প্ৰজ্ঞান ৰোভাৰে তথ্য আহৰণ কৰি আছে। প্ৰজ্ঞান ৰভাৰে চন্দ্ৰত খোজ কাঢ়ি থাকোঁতে এটা ডাঙৰ গাতৰ সন্ধান কৰে। চন্দ্ৰপৃষ্ঠত চাৰি মিটাৰ ডাঙৰ গহ্বৰ দেখা পোৱাৰ পাছত প্ৰজ্ঞান ৰোভাৰক সুৰক্ষিতভাৱে অন্য পথলৈ লৈ যোৱা হয়।

ইছৰোই সোমবাৰে টুইট যোগে এই কথা জনায়। ইছৰোই কয় যে, ২৭ আগষ্ট, ২০২৩ তাৰিখে, ৰোভাৰে ইয়াৰ অৱস্থানৰ ৩ মিটাৰ আগত অৱস্থিত ৪ মিটাৰৰ এটা গাত দেখে। তাৰপাছত ই এতিয়া সুৰক্ষিতভাৱে এটা নতুন পথলৈ গৈ আছে।

চন্দ্ৰৰ এটা দিন সম্পূৰ্ণ হ'বলৈ মাত্ৰ ১০ দিন বাকী আছে। এই সন্দৰ্ভত দেওবাৰে থমহাকাশ এপ্লিকেচন কেন্দ্ৰৰ (এছএচি) সঞ্চালক নীলেশ এম দেশাই কৈছিল যে চন্দ্ৰযান-৩ৰ ৰোভাৰ মডিউল প্ৰজ্ঞান চন্দ্ৰপৃষ্ঠত গতি কৰি আছে।

উল্লেখ্য যে, চন্দ্ৰত ১৪ দিন প্ৰজ্ঞানে বিভিন্ন তথ্য আহৰণ কৰিব। পৃথিৱীৰ ১৪ দিন চন্দ্ৰত এদিন। তাৰপাছত চন্দ্ৰত আন্ধাৰ হব। এই সময়চোৱাত ইছৰোই বিভিন্ন তথ্য আহৰণ কৰাৰ আশা কৰিছে। চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা ভাৰতে প্ৰথমখন দেশ।

চন্দ্ৰপৃষ্ঠত ডাঙৰ গাত, প্ৰত্যাহ্বান নেওচি আগলৈ গতি কৰিছে ৰোভাৰ প্ৰজ্ঞানে
বনকৰা মহিলাৰ গাত গৰম পানী ঢালি অত্যাচাৰ চলোৱা শুভলক্ষ্মী মুকলি আকাশৰ তলত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in