কাশ্মীৰ উপত্যকাত সেনাৰ বৃহৎ সাফল্যঃ অবশিষ্ট সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলি আছে অভিযান...

কাশ্মীৰ উপত্যকাত সেনাৰ বৃহৎ সাফল্যঃ অবশিষ্ট সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলি আছে অভিযান...

author-image
Asomiya Pratidin
New Update
কাশ্মীৰ উপত্যকাত সেনাৰ বৃহৎ সাফল্যঃ অবশিষ্ট সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলি আছে অভিযান...

কাশ্মীৰ উপত্যকাত সেনাৰ বৃহৎ সাফল্যঃ অবশিষ্ট সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলি আছে অভিযান...

ডিজিটেল ডেস্কঃ কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনা-আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈছে। অৱশ্যে তাৰ মাজতো কাশ্মীৰত অব্যাহত আছে সন্ত্ৰাসমূলক কাৰ্যকলাপ।

শেহতীয়াকৈ কাশ্মীৰৰ শ্বপিয়ান জিলাৰ জয়নাপোৰাৰ মঞ্জ মাৰ্গ অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত ৩ টা সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এই অভিযান ১ আৰ আৰ আৰু ১৭৮ চি আৰ পি এফে যুটীয়াভাৱে চলাইছিল।

নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হোৱা ৩ সন্ত্ৰাসবাদীৰ ভিতৰত ২ টাক চিনাক্ত কৰা হৈছে। নিহত সন্ত্ৰাসবাদী ৩ টাৰ এটা শ্বপিয়ানৰ লতিফ লোন বুলি চিনাক্ত কৰা হৈছে। লতিফ লোন কাশ্মীৰী পণ্ডিত পুৰাণ কৃষ্ণ ভাটৰ হত্যাত জড়িত আছিল। চিনাক্ত হোৱা আনটো সন্ত্ৰাসবাদী উমৰ নাজিৰ। কাশ্মীৰৰ অনন্তনাগৰ উমৰ নাজিৰ নেপালৰ তিল বাহাদুৰ থাপাৰ হত্যাত জড়িত আছিল।

এই অভিযানত নিৰাপত্তাৰক্ষীসকলে এটা একে ৪৭ ৰাইফল, ২ টা পিষ্টল উদ্ধাৰ কৰিছে। এই তথ্য কাশ্মীৰৰ এ ডি জি পিয়ে প্ৰকাশ কৰিছে। প্ৰকাশিত খবৰ অনুসৰি চলিত বছৰৰ অক্টোবৰলৈ কাশ্মীৰ উপত্যকাত ১৭৬ জন সন্ত্ৰাসবাদী নিহত হৈছে। ইয়াৰ ভিতৰত ৫০ টা বিদেশী সন্ত্ৰাসবাদী আৰু ১২৬ টা স্থানীয় সন্ত্ৰাসবাদী।

তথ্য অনুসৰি বৰ্তমানে জম্মু-কাশ্মীৰত ১৩৪ টা সক্ৰিয় সন্ত্ৰাসবাদী উপস্থিত আছে। ইয়াৰ ভিতৰত ৮৩ টা বিদেশী আৰু ৫১ টা স্থানীয় সন্ত্ৰাসবাদী। এই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনা, আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

ছেপ্টেম্বৰত প্ৰকাশিত জম্মু আৰু কাশ্মীৰ গৃহ বিভাগৰ তথ্য অনুসৰি, ৫ আগষ্ট, ২০১৯ ৰ পৰা ১৫ ছেপ্টেম্বৰ, ২০২২ ৰ ভিতৰত সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত ১৭৬ জন সৈনিক নিহত হৈছে। আনহাতে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পূৰ্বে ৫ আগষ্ট, ২০১৬ ৰ পৰা ৫ আগষ্ট, ২০১৯ লৈ ২৯০ জন সৈনিক শ্বহীদ হৈছিল।

ক্লিক কৰি পঢ়কঃ ব্লু টিক অতীত ! টুইটাৰত আহি গ'ল গ্ৰে' আৰু গ'ল্ডেন টিক...

কাশ্মীৰ