ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰ বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতে সদনত পুৱাই এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। সংবিধানৰ ৩৭০নং অনুচ্ছেদ পুনৰ শিথিল কৰাৰ সন্দৰ্ভত চলা এক বিৰ্তকৰ সময়তে এই পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি হৈ এই পায়গৈ যে, বিধায়কসকলৰ মাজত মাৰপিটৰ দৰে অৱস্থাৰ সৃষ্টি হয়।
বিধায়ক খৰশীদ আহমেদে ৩৭০নং অনুচ্ছেদ পুনৰ শিথিল কৰাৰ দাবীত সদনত এখন বেনাৰ প্ৰদৰ্শন কৰাৰ পাছতে এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। সদনৰ মজিয়াতে বিষয়টোক লৈ শাসক-বিৰোধীৰ বিধায়কৰ মাজত প্ৰথমে তৰ্কা-তৰ্কি আৰু পাছলৈ এজনে সিজনক আক্ৰমণ কৰাৰ পৰ্যায় পায়গৈ।
উল্লেখ কৰা প্ৰয়োজন যে, এই পৰিস্থিতিৰ বাবে বিধানসভাৰ অধ্যক্ষই মাৰ্চেল লগাই পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে আৰু কিছু সময়ৰ বাবে সদনৰ কাম-কাজ স্থগিত ৰাখে।
Also Read: আৰক্ষীৰ ভুল! জামিন পালে ট্ৰেডিং কেলেংকাৰী অন্যতম অভিযুক্ত ৰঞ্জিত কাকতিয়ে...