Jammu Kashmir Election: বিচ্ছিন্নতাবাদ নহয় গণতন্ত্ৰৰ প্ৰতিহে আগ্ৰহী কাশ্মীৰী জনতা...

৩৫ বছৰ পিছত সৰ্বাধিক ভোটদান
Jammu Kashmir Election: বিচ্ছিন্নতাবাদ নহয় গণতন্ত্ৰৰ প্ৰতিহে আগ্ৰহী কাশ্মীৰী জনতা...
Jammu Kashmir Election: বিচ্ছিন্নতাবাদ নহয় গণতন্ত্ৰৰ প্ৰতিহে আগ্ৰহী কাশ্মীৰী জনতা...
Published on
Updated on

ডিজিটেল ডেস্কঃ ভূস্বৰ্গ জম্মু-কাশ্মীৰত আজি অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সফলতাৰে অন্ত পৰিছে। এক দশকৰ মূৰত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ এই প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৫৯ শতাংশৰো অধিক ভোটাৰে ভোটদান কৰিলে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনৰ আজি ভোটগ্ৰহণ হোৱা মুঠ ৭ টা বিধানসভা সমষ্টিত মুঠ ভোটদানৰ হাৰ ৫৯.৪৩ শতাংশ। ৰাজ্যখনত সৰ্বাধিক ভোটদান হয় কিষ্টৱাৰ বিধানসভা সমষ্টিত। সমষ্টিটোত মুঠ ৭৯.৩৯ শতাংশ ভোটাৰে ভোটদান কৰে।

বাকী অনন্তনাগ সমষ্টিত ৫৪.১৭ শতাংশ, ডোডা সমষ্টিত ৬৯.৩৩ শতাংশ,কুলগ্ৰাম সমষ্টিত ৬২.৪৬ শতাংশ, পুলৱামা সমষ্টিত ৪৬.৬৫ শতাংশ, ৰামবাম সমষ্টিত ৬৯.৫৬ শতাংশ আৰু শ্বপিয়ান সমষ্টিত ৫৩.৬৪ শতাংশ ভোটদান হয়।

এই সমষ্টি কেইটাত মুঠ ২১৯ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিলে আজি ভোটাৰে। ইয়াৰ ভিতৰত আছে ৯ গৰাকী মহিলা প্ৰাৰ্থী।

উল্লেখ্য যে, যোৱা ৩৫ বছৰৰ পাছত জম্মু কাশ্মীৰত এইবাৰেই সৰ্বাধিক ভোটদান হৈছে। অঞ্চলটোৰ পৰা সংবিধানৰ ৩৭০ ধাৰা বিলুপ্তি কৰাৰ পাছত অনুষ্ঠিত হোৱা এই নিৰ্বাচনে বুজাই দিলে এই অঞ্চলৰ লোকসকলে এতিয়া শান্তি বিচাৰে। তেওঁলোকে বুলেটৰ বিপৰীতে বেলটকেই অগ্ৰাধিকাৰ দিছে বুলিও ৰাজনৈতিক দলসমূহে দাবী কৰিছে।

কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে অনুষ্ঠিত হোৱা এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত পোৱাৰে পৰা ভোটাৰৰ মাজত স্পষ্টকৈ দেখা পোৱা গৈছিল উৎসাহ। পুৱাৰে ভোটকেন্দ্ৰত পুৰুষ, মহিলা, যুৱক, যুৱতীয়ে ভিৰ কৰা পৰলক্ষিত হৈছিল।

সন্ত্ৰাসজৰ্জৰ অনন্তনাগ, ডোডা, পুলৱামা, শ্বপিয়ান আদি সমষ্টিত ভোটাৰৰ উৎসাহ আছিল অতি চকুতলগা। কাশ্মীৰৰ শাসনৰ দায়িত্বভাৰ কাৰ হাতলৈ যায়, কাশ্মীৰী জনতাই কি সিদ্ধান্ত লয় সেয়া ৮ অক্টোবৰত স্পষ্ট হ'ব।

কিন্তু অঞ্চলটোৰ ভোটাৰৰ এই উৎসাহে এই কথা প্ৰমাণ কৰিলে যে, এই অঞ্চলটোৰ ৰাইজে শান্তি বিচাৰে। গণতান্ত্ৰিক ধ্যান, ধাৰণাৰ প্ৰতি তেওঁলোক যথেষ্ট আগ্ৰহী। সন্ত্ৰাসবাদ, বিচ্ছন্নতাবাদৰ বিপৰীতে তেওঁলোক গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতিহে আগ্ৰহী।

Jammu Kashmir Election: বিচ্ছিন্নতাবাদ নহয় গণতন্ত্ৰৰ প্ৰতিহে আগ্ৰহী কাশ্মীৰী জনতা...
BJP ক লাগে একে সময়তে বিধানসভা, লোকসভাৰ নিৰ্বাচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in