জম্মু কাশ্মীৰত কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰঃ ঘোষণা হ'ল মুখ্যমন্ত্ৰীৰো নাম...

কংগ্ৰেছ মিত্ৰজোঁটে লাভ কৰিলে ৯০ খন আসনৰ ৪৯ খন আসন

author-image
Asomiya Pratidin
New Update
জম্মু কাশ্মীৰত কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰঃ ঘোষণা হ'ল মুখ্যমন্ত্ৰীৰো নাম...

জম্মু কাশ্মীৰত কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰঃ ঘোষণা হ'ল মুখ্যমন্ত্ৰীৰো নাম...

ডিজিটেল ডেস্কঃ ঘোষণা হ'ল জম্মু কাশ্মীৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। ওমৰ আব্দুল্লাই হ'ব ভূস্বৰ্গৰ মুখ্যমন্ত্ৰী। আজিৰ পৰা কেইটামান মাহৰ আগলৈকে অথচ তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈকে সাজু হোৱা নাছিল। কৈছিল পূৰ্ণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ তেওঁ কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী হ'ব নিবিচাৰে।

কিন্তু তাৰ পাছতো আজি ওমৰ আব্দুল্লাই জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে ওমৰ আব্দুল্লাৰ নামেই ঘোষণা কৰা হয়। কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ পাছত প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হ'ব ওমৰ আব্দুল্লা।

জম্মু কাশ্মীৰৰ নিৰ্বাচনী দিন ঘোষণা কৰাৰ পাছৰে পৰা বহু প্ৰশ্নৰ সৃষ্টি হৈছিল। ওমৰ আব্দুল্লাৰ দল জম্মু কাশ্মীৰ নেচনেল কনফাৰেন্সে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নে নাই তাক লৈ সন্দেহৰ সৃষ্টি হৈছিল।দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও ওমৰ আব্দুল্লা নে ফাৰুখ আব্দুল্লা মুখ্যমন্ত্ৰী হ'ব সেয়াও দলৰ ভিতৰত আলোচনাৰ বিষয় হৈছিল।

বহুতেই ফাৰুখ আব্দুল্লাই মুখ্যমন্ত্ৰী হ'ব বুলি কৈছিল যদিও আজি ফলাফল ঘোষণাৰ পাছতেই সেই ফাৰুখ আব্দুল্লাই ঘোষণা কৰিলে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী হ'ব ওমৰ আব্দুল্লা।

আজি ঘোষিত নিৰ্বাচনী ফলাফল অনুসৰি জম্মু কাশ্মীৰৰ ৯০ খন আসনৰ ভিতৰত ৪২ খনেই লাভ কৰিলে জম্মু কাশ্মীৰ নেচনেল কনফাৰেন্সে। কংগ্ৰেছে ৬ খন আসন লাভ কৰিছে। ইয়াৰ বিপৰীতে বিজেপিয়ে ২৯ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে।

তাৰোপৰি জম্মু-কাশ্মীৰ পিপলছ ডেমক্ৰেটিক পাৰ্টিয়ে ৩ খন, জম্মু কাশ্মীৰ পিপল কনফাৰেন্স, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া, আম আদমি পাৰ্টিয়ে ১ এখনকৈ আৰু নিৰ্দলীয়ই ৭ খন আসন লাভ কৰিছে।

ফলত ৰাজ্যখনত নেচনেল কনফাৰেন্স, কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ নিশ্চিত হয়। ইয়াৰ পাছতেই ফাৰুক আব্দুল্লাই কয়, মানুহে আমাৰ পক্ষত ৰায় দিছে। উপত্যকাৰ মানুহে বুজাই দিলে তেওঁলোকে ৫ আগষ্টৰ সেই সিদ্ধান্তক মানি ল'ব পৰা নাই। যিসকলে কাশ্মীৰত আমাক শেষ কৰিবলৈ আহিছিল, তেওঁলোক নিজেই শেষ হৈ গৈছে। মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই হ'ব।

Also Read: ৰান্ধি, বাঢ়ি দিলেও খাব নাজানে কংগ্ৰেছে !

বিজেপি জম্মু কাশ্মীৰ বিধানসভা নিৰ্বাচন