জম্মু কাশ্মীৰত অপাৰেশ্যন অল আউটঃ নিহত সন্ত্ৰাসবাদী, আহত আৰক্ষী...

জম্মু কাশ্মীৰত অপাৰেশ্যন অল আউটঃ নিহত সন্ত্ৰাসবাদী, আহত আৰক্ষী...
জম্মু কাশ্মীৰত অপাৰেশ্যন অল আউটঃ নিহত সন্ত্ৰাসবাদী, আহত আৰক্ষী...
Published on
Updated on

ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনা, আৰক্ষীৰ অভিযান। সেনাই আৰম্ভ কৰিছে অপাৰেশ্যন অল আউট। কাশ্মীৰৰ কুলগামত এই অভিযান। অভিযানত নিহত এটা সন্ত্ৰাসবাদী।

খবৰ অনুসৰি কুলগাম জিলাত সুৰক্ষাবাহিনীৰে সন্ত্ৰাসবাদীৰ হোৱা এই সংঘৰ্ষত এজন আৰক্ষী জোৱানো আহত হৈছে। এই সন্দৰ্ভত জন্মু কাশ্মীৰ আৰক্ষীয়ে কয় যে,কুলগাম জিলাৰ হুওৰা গাঁৱত এই সংঘৰ্ষৰ সৃষ্টি হৈছে।

আৰক্ষীয়ে ইয়াত সন্ত্ৰাসবাদী লোকাই থকাৰ খবৰ লাভ কৰিছিল। ইয়াৰ পাছতে সুযোগ বুজি সুৰক্ষাকৰ্মীয়ে অঞ্চলটো ঘেৰাও কৰিছিল। তাৰ পাছতেই দুয়ো পক্ষৰ মাজত আৰম্ভ হৈছিল সংঘৰ্ষ।

এই সংঘৰ্ষত প্ৰথমে জম্মু কাশ্মীৰৰ এজন আৰক্ষী জোৱান আহত হয়। তাৰ কিছু সময়ৰ পাছতে এটা স্থানীয় সন্ত্ৰাসবাদী নিহত হয়। অৱশ্যে এই পৰ্যন্ত এই সন্ত্ৰাসবাদীটোৰ পৰিচয় লাভ কৰা নাই।

এই সন্দৰ্ভত তদন্ত অব্যাহত আছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে নিহত সন্ত্ৰাসবাদীটোৰ পৰা অস্ত্ৰ আৰু গুলী, বাৰুদৰ সৈতে বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে। এই সন্ত্ৰাসবাদীটো নিহত হোৱাৰ পাছতে অঞ্চলটোত সেনা, আৰক্ষীৰ তালাচী অভিযান অব্যাহত আছে।

উল্লেখ্য যে, চলিত জুন মাহৰ ২ তাৰিখেও জম্মু কাশ্মীৰত সেনা আৰক্ষীৰে সন্ত্ৰাসবাদীৰ সংঘৰ্ষ হৈছিল। য'ত এটা সন্ত্ৰাসবাদী নিহত হৈছিল।

জম্মু কাশ্মীৰত অপাৰেশ্যন অল আউটঃ নিহত সন্ত্ৰাসবাদী, আহত আৰক্ষী...
নিশা বোকাখাটত পথ দুৰ্ঘটনাঃ থিতাতে নিহত কিশোৰ, আহত ৩...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in