পুনৰ জম্মু-কাশ্মীৰত সেনাৰ গুলীত সন্ত্ৰাসবাদী নিহতঃ অব্যাহত আছে অভিযান..

পুনৰ জম্মু-কাশ্মীৰত সেনাৰ গুলীত সন্ত্ৰাসবাদী নিহতঃ অব্যাহত আছে অভিযান..
পুনৰ জম্মু-কাশ্মীৰত সেনাৰ গুলীত সন্ত্ৰাসবাদী নিহতঃ অব্যাহত আছে অভিযান..
Published on
Updated on

ডিজিটেল ডেস্কঃ পুনৰ জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। এই সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে সন্ত্ৰাসবাদীটোৱে আশ্ৰয় গ্ৰহণ কৰি থকা সমগ্ৰ অঞ্চল নিৰাপত্তাৰক্ষীয়ে ঘেৰাও কৰিছে।

এতিয়াও অঞ্চলটোত বহু কেইটা সন্ত্ৰাসবাদীয়ে আত্মগোপণ কৰি থকাৰ তথ্য পোৱা গৈছে। ইফালে নিৰাপত্তাৰক্ষীৰ গুলীত নিহত সন্ত্ৰাসবাদীটোৰ মৃতদেহ এতিয়াও উদ্ধাৰ কৰা হোৱা নাই।

সেয়ে চিনাক্তও কৰিব পৰা হোৱা নাই। উল্লেখ্য যে, দেওবাৰে পুৱাই জম্মু-কাশ্মীৰৰ ৰৌজাৰী জিলাৰ বাৰিয়ামাত সূত্ৰপাত হয় এই সংঘৰ্ষৰ। ইফালে যোৱা কেইবাটাও দিন ধৰি এই অঞ্চলত সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ অব্যাহত আছে।

যাৰ বাবে স্থানীয় লোকসকলৰ সুৰক্ষাৰ প্ৰতি দৃষ্টি ৰাখি ভাৰতীয় সেনাই তেওঁলোকক সংঘৰ্ষস্থলীৰ পৰা নিলগত থাকিবলৈ আহ্বান জনাইছে। শনিবাৰেও তালাচীৰ সময়তে বুধল অঞ্চলত হোৱা সংঘৰ্ষত আৰক্ষী আৰু সেনাবাহিনীৰ হাতত এটা সন্ত্ৰাসবাদী নিহত হৈছিল।

অঞ্চলটোত থিতাপি লোৱা সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীয়ে গ্ৰহণ কৰা কঠোৰ স্থিতিয়ে সন্ত্ৰাসবাদীসকলক নিষ্ক্ৰিয় কৰি তুলিছে। অঞ্চলটোৰ পৰা পলাই সাৰিবলৈ তেওঁলোকৰ সকলো পথ বন্ধ হৈছে। যাৰ বাবে সন্ত্ৰাসবাদী বিৰোধী অই অভিযান অধিক তীব্ৰতৰ হৈছে।

পুনৰ জম্মু-কাশ্মীৰত সেনাৰ গুলীত সন্ত্ৰাসবাদী নিহতঃ অব্যাহত আছে অভিযান..
আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদঃ মুখ্যমন্ত্ৰী, যোগানমন্ত্ৰীৰ পুত্তলিকা দাহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in