ডিজিটেল ডেস্কঃ জন্মৰ পূৰ্বে মোৰ সন্তান অনাথ হৈ পৰিল- এই মন্তব্য এগৰাকী ছহীদ আৰক্ষী বিষয়াৰ পত্নীৰ। শ্ৰীনগৰত ক্ৰিকেট খেলি থকাৰ অৱস্থাত সন্ত্ৰাসবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰক্ষী বিষয়া মছৰুৰ আহমেদ ৱানী। চিকিৎসাধীন হৈ থকা অৱস্থাত ৩৯ দিন পাছত বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
আৰক্ষী বিষয়াগৰাকীৰ গৰ্ভৱতী পত্নীয়ে মৃত্যুৰ খবৰ পোৱাৰ পাছতে ব্যাথিত হৈ পৰে। এই খবৰ পোৱাৰ পাছতে ৱানীৰ ঘৰত বহু সংখ্যক লোকৰ সমাৱেশ ঘটে।
২৯ অক্টোবৰত ৩৪ বছৰীয়া ৱানীক লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীয়ে গুলীয়াইছিল। সেই সময়ত তেওঁ ঈদগাহত বন্ধুবৰ্গৰ সৈতে ক্ৰিকেট খেলি আছিল।
তেওঁৰ পৰিয়ালৰলোকে জানিব দিয়া মতে বুকুত গুৰুতৰভাৱে আঘাত পোৱাৰ বাবে তেওঁৰ অৱস্থাৰ অধিক অৱনতি ঘটিছিল।প্ৰথমতে তেওঁক শ্ৰীনগৰৰ সৌৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কিন্তু পিছত পাৰস চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল আৰু তাৰ পৰা তেওঁক বুধবাৰে দিল্লীৰ এইমছলৈ লৈ যোৱা হৈছিল।
জম্মু-কাশ্মীৰ আৰক্ষীত কৰ্মৰত আছিল বানী।
Also Read: শপত গ্ৰহণৰ দিনাই মুখ্যমন্ত্ৰীৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখত চলিল বুলড'জাৰ