বিজেপিৰ ভুল নীতিৰ বাবেই ছহিদ হৈছে ভাৰতীয় সেনা ! ৰাহুল গান্ধীৰ সমালোচনা...

কাশ্মীৰত পুনৰ ৪ সেনা বিষয়া, জোৱান ছহিদ হোৱাৰ পিছতেই প্ৰতিক্ৰিয়া
বিজেপিৰ ভুল নীতিৰ বাবেই ছহিদ হৈছে ভাৰতীয় সেনা ! ৰাহুল গান্ধীৰ সমালোচনা...
বিজেপিৰ ভুল নীতিৰ বাবেই ছহিদ হৈছে ভাৰতীয় সেনা ! ৰাহুল গান্ধীৰ সমালোচনা...
Published on
Updated on

ডিজিটেল ডেস্কঃ বিজেপিৰ ভুল নীতিৰ বাবেই জম্মু-কাশ্মীৰত ভাৰতীয় সেনা ছহিদ হ'বলগীয়া হৈছে। বিজেপিৰ ভুল নীতিৰ পৰিণাম ভূগিবলগীয়া হৈছে ভাৰতীয় সেনাৰ পৰিয়ালে। এই অভিযোগ লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ।

জম্মু-কাশ্মীৰক সন্ত্ৰাসবাদ মুক্ত কৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে বিমুদ্ৰাকৰণ, অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ আদি সিদ্ধান্ত লোৱাৰ কথা পূৰ্বে ঘোষণা কৰিছিল যদিও এতিয়াও অঞ্চলটোত অন্ত পৰা নাই এই সমস্যা। বৰঞ্চ ধাৰাবাহিকভাৱে কাশ্মীৰত সেনা, আৰক্ষীকে ধৰি সুৰক্ষা বাহিনীৰ সৈতে সন্ত্ৰাসবাদীৰ সংঘাত অব্যাহত আছে।

কেন্দ্ৰীয় চৰকাৰৰ জন্মু-কাশ্মীৰত শান্তি প্ৰতিষ্ঠাৰ বাবে লোৱা পদক্ষেপৰ পাছতো শান্তি অহা নাই জম্মু-কাশ্মীৰলৈ। চুবুৰীয়া পাকিস্তানৰ পৰা সীমান্ত পাৰ হৈ অহা একাংশ সন্ত্ৰাসবাদীৰ উপৰিও কাশ্মীৰ উপত্যকাৰ সন্ত্ৰাসবাদীৰে অব্যাহত আছে সংঘাত। এনে সংঘাতৰ মাজতে পুনৰ কাশ্মীৰত কেপ্টেইনকে ধৰি সেনাৰ ৪ গৰাকী জোৱানৰ মৃত্যু হৈছে।

সন্ত্ৰাসবাদীৰে হোৱা এনকাউণ্টাৰত ছহিদ হোৱা এই ৪ সেনা বিষয়া আৰু জোৱানৰ সন্দৰ্ভত ভাৰতীয় সেনাই এক্স হেণ্ডেলত সবিশেষ উল্লেখ কৰিছে। সেই অনুসৰি এই ৪ ছহিদৰ ভিতৰত আছে কেপ্টেইন ব্ৰেজেশ থাপা, নায়ক ডি ৰাজেশ, চিপাহী বিজেন্দ্ৰ আৰু অজয়।

ভাৰতীয় সেনাই এক্স হেণ্ডেলত লিখিছে, স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদী আৰু ভাৰতীয় সেনাৰ সকলো ৰেংকৰ ফালৰ পৰা কেপ্টেইন ব্ৰজেশ থাপা, নায়ক ডি ৰাজেশ, চিপাহী বিজেন্দ্ৰ আৰু চিপাহী অজয়ৰ প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰিছোঁ, যিসকলে ডোডা অঞ্চলত শান্তি সুনিশ্চিত কৰিবলৈ সন্ত্ৰাস বিৰোধী অভিযানৰ সময়ত নিজৰ দায়িত্ব পালন কৰি প্ৰাণ বিসৰ্জন দিলে। ভাৰতীয় সেনা এই দুখৰ সময়ত শোক সন্তপ্ত পৰিয়ালৰ কাষত আছে।

এই ঘটনাৰ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও এক্সৰ জৰিয়তে ছহিদ সেনা বিষয়া, জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেওঁ এক্সত উল্লেখ কৰিছে সন্ত্ৰাস বিৰোধী অভিযান অব্যাহত আছে আৰু সেনা জোৱানসকল সন্ত্ৰাসবাদৰ অভিশাপ শেষ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ।

ইফালে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়েও এক্সৰ জৰিয়তে ছহিদ সেনা বিষয়া, জোৱানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে। ৰাহুল গান্ধীয়ে এক্সত লিখিছে, আজি জন্মু কাশ্মীৰত পুনৰ এক সন্ত্ৰাসবাদী সংঘৰ্ষত আমাৰ সৈনিক ছহিদ হ'ল। ছহিদলৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

ইয়াৰোপৰি তেওঁ লিখিছে, এটাৰ পাছত এটাকৈ সংঘটিত ভয়ানক ঘটনা বহু দুখ আৰু চিন্তা উদ্ৰেককাৰী। ধাৰাবাহিকভাৱে হৈ থকা এই সন্ত্ৰাসবাদী আক্ৰমণে জম্মু-কাশ্মীৰৰ জঘণ্য অৱস্থাকে প্ৰমাণ কৰিছে। বিজেপিৰ ভুল নীতিৰ পৰিণাম আমাৰ সেনা আৰু তেওঁলোকৰ পৰিয়ালে ভূগিবলগীয়া হৈছে।

তেওঁ লিখিছে, প্ৰতিজন দেশপ্ৰেমী ভাৰতীয়ৰ দাবী যে চৰকাৰে বাৰে বাৰে নিৰাপত্তাৰ ত্ৰুটিৰ সম্পূৰ্ণ দায়িত্ব লৈ দেশৰ অপৰাধী আৰু সৈনিকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। এই দুখৰ সময়ত সমগ্ৰ ৰাষ্ট্ৰসন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈ থিয় দিছে।

বিজেপিৰ ভুল নীতিৰ বাবেই ছহিদ হৈছে ভাৰতীয় সেনা ! ৰাহুল গান্ধীৰ সমালোচনা...
অসম জাতীয় পৰিষদৰ নেতৃত্বৰ সৈতে বৈঠকত বহিল বিজেপিত এলাগী হোৱা মৃণাল শইকীয়াৰ পুত্ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in