কংগনাৰ 'তেজস্ব' চাই কান্দিলে যোগী আদিত্য নাথেঃ বুধবাৰে 'ৰাঘৱ' চাব হিমন্ত বিশ্ব শৰ্মাই...

কংগনাৰ 'তেজস্ব' চাই কান্দিলে যোগী আদিত্য নাথেঃ বুধবাৰে 'ৰাঘৱ' চাব হিমন্ত বিশ্ব শৰ্মাই...
কংগনাৰ 'তেজস্ব' চাই কান্দিলে যোগী আদিত্য নাথেঃ বুধবাৰে 'ৰাঘৱ' চাব হিমন্ত বিশ্ব শৰ্মাই...
Published on
Updated on

ডিজিটেল ডেস্কঃ চিনেমাক লৈ ব্যস্ত হৈ পৰিছে বলিউড আৰু জলিউড। জলিউডত জে বি প্ৰডাকচনৰ পৰা নিৰ্মিত আৰু নায়ক যতীন বৰাই মুখ্য চৰিত্ৰত অভিনয় কৰা 'ৰাঘৱ'ক লৈ চৰ্চা চলি থকাৰ সময়তে বলিউডত কংগনা ৰাণাৱতৰ দ্বাৰা অভিনীত 'তেজস্ব' চিনেমাক লৈ অব্যাহত আছে চৰ্চা।

কংগনা ৰণাৱতৰ 'তেজস্ব' মুক্তি লাভ কৰাৰ পাছতে দৰ্শকৰ সহাৰি আশানুৰূপ হোৱা নাই। যাৰ বাবে কংগনাই হাতজোৰ কৰি দৰ্শকক ছবিগৃহলৈ আহি ছবিখন চাবলৈ অনুৰোধ জনাইছে। তাৰ মাজতে অৱশ্যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে উপভোগ কৰিলে এই চিনেমাখন।

মঙ্গলবাৰে ছবিখন চাই মুখ্যমন্ত্ৰীগৰাকীৰ হেনো নিগৰিল চকুলো। ৩১ অক্টোবৰত কংগনাই তেওঁৰ এই ছবিখন স্ক্ৰিণিঙৰ বিশেষ ব্যৱস্থা কৰিছিল। সেই বিশেষ স্ক্ৰিণিং উপভোগ কৰিছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিয়ে।

এই স্ক্ৰিণিং উপভোগ কৰি যোগী আদিত্য নাথৰ চকুলু নিগৰিছিল। ছবিখন সমাপ্ত হোৱাৰ পাছত কংগনা ৰাণাৱতে সংবাদ মাধ্যমৰ আগত জনালে এই কথা। এই ছবিখন চাবলৈও আদিত্য নাথে দেশবাসীকো আহ্বান জনাইছে।

কংগনাই এই সন্দৰ্ভত কয়, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ছবিখন চাই আৱেগিক হৈ পৰিছিল। কংগনা ৰণাৱতে কোৱা মতে যোগী আদিত্য নাথে তেওঁক কথা দিছে তেওঁৰ এই ছবিখন সমস্ত শত্ৰু আৰু দেশবিৰোধীসকলৰ পৰা ৰক্ষা কৰিব। ছবিখন চাবলৈ ৰাষ্ট্ৰীয়তাবাদীসকলক উদ্ধুদ্ধ কৰিব।

তেওঁ কয়, এইখন মহিলাৰ সৱলীকৰণৰ ছবি নহয়। এইখন মহিলা শক্তিৰ ছবি। এই সন্দৰ্ভত তেওঁ এক্সতো পোষ্ট শ্বেয়াৰ কৰিছে।

কংগনাই দাবী কৰিছে যে, তেওঁৰ ছবিখন সকলো বিদ্যালয় আৰু মহাবিদ্যালয়ত প্ৰদৰ্শিত হ'ব। উল্লেখ্য, 'তেজস্ব' চিনেমাখন ২৭ অক্টোবৰত মুক্তি দিয়া হৈছিল। কিন্তু ছবিখনৰ প্ৰতি দৰ্শকে দেখুওৱা নাই কোনো উৎসুকতা।

দৰ্শকৰ অনিহাৰ বাবেই চিনেমাখনে এই কেইদিনত মাত্ৰ ৪ কোটিৰ ব্যৱসায়হে কৰিবলৈহে সক্ষম হৈছে। কিন্তু একে সময়তে মুক্তি লাভ কৰা 'টুৱেলভ ফেইল' চিনেমাখনে দৰ্শকৰ পৰা কিছু সমাদৰ লাভ কৰিছে।

ইফালে বুধবাৰে জলিউডৰ বিগ বাজেটৰ ছবি 'ৰাঘৱ' উপভোগ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কেবিনেট সতীৰ্থসকলৰ সৈতে এই চিনেমাখন উপভোগ কৰিব বুলি জনাইছে।

কংগনাৰ 'তেজস্ব' চাই কান্দিলে যোগী আদিত্য নাথেঃ বুধবাৰে 'ৰাঘৱ' চাব হিমন্ত বিশ্ব শৰ্মাই...
বিৰোধীৰ আইফোন 'ৰাজ্যৰ পৃষ্ঠপোষকতাত হেকিং' সন্দৰ্ভত তদন্ত ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in