ডিজিটেল ডেস্কঃ ঝাৰখণ্ডত আজি পুৱা ৭ বজাৰ পৰা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। ৰাজ্যখনৰ মুঠ ৮১ খন বিধানসভা আসনৰ ভিতৰত প্ৰথম পৰ্যায়ত মুঠ ৪৩ খন আসনৰ বাবে অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ।
ভোটগ্ৰহণ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যখনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী চম্পাই চোৰেন আৰু পূৰ্বৰ সাংসদ গীতা কোড়াই ভোটদান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ৰাজ্যখনৰ ভোটাৰসকলক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ এক্সৰ জৰিয়তে পুনৰ এবাৰ আহ্বান জনাইছে।
তেওঁ এক্সত লিখিছে, ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। সকলো ভোটাৰলৈ মোৰ অনুৰোধ তেওঁলোকে গণতন্ত্ৰৰ এই উৎসৱত সম্পূৰ্ণ উৎসাহৰ সৈতে ভোটদান কৰক। এই সুযোগতে প্ৰথমবাৰৰ বাবে ভোট দিবলৈ যোৱা সকলো যুৱ ভোটাৰলৈ মোৰ বহু বহু শুভেচ্ছা। মনত ৰাখিব প্ৰথমে ভোটদান তাৰ পাছতহে জলপান।
https://x.com/narendramodi/status/1856510549141663912
আনহাতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে এক্সত লিখিছে- বন্ধুসকলক ভোটদানৰ পূৰ্বে আমি কোৱা আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে অৱশ্যেই জানি লওঁক। মই সম্পূৰ্ণ কাৰ্য ব্যৱস্থাৰে আমাৰ কাৰ্য-বিৱৰণ আপোনালোকৰ সন্মুখত ৰাখিছো।
এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত উত্থাপন কৰা ইছ্যু সন্দৰ্ভত তেওঁ কয়, ঝাৰখণ্ড বাংলাদেশৰ সীমাৰ পৰা বহু শ কিলোমিটাৰ দূৰত আছে। কিন্তু বিজেপিৰ হৃদয়ৰ ওচৰত যেন লাগে।
https://x.com/HemantSorenJMM/status/1856524907661684965
উল্লেখ্য যে, ঝাৰখণ্ডত দুটা পৰ্যায়ত মুঠ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। তাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱাৰে পৰা আৰম্ভ হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত এই পৰ্যন্ত ১৩.০৪ শতাংশ ভোটদান হৈছে। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ২০ নৱেম্বৰত অনুষ্ঠিত হ'ব।
নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব ২৩ নৱেম্বৰত। ঝাৰখণ্ডৰ উপৰিও বিহাৰ, পশ্চিমবংগ, মধ্যপ্ৰদেশ, ছত্তিশগড়, কেৰালা, ৰাজস্থান আৰু অসমত বিভিন্ন লোকসভা আৰু বিধানসভা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হৈছে।
কেৰালাৰ ৱায়নাডত লোকসভা নিৰ্বাচনত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাই প্ৰতিদ্বন্দিতা কৰিছে। সমষ্টিটোৰ পৰা ৰাহুল গান্ধী দ্বিতীয়বাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল যদিও তেওঁ সমষ্টিটো এৰি দিয়াত পুনৰ উপ নিৰ্বাচন অনুষ্ঠিত হৈছে।