প্ৰায় ৫ মাহৰ মূৰত জামিন পালে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে...

চোৰেনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব ইডি
প্ৰায় ৫ মাহৰ মূৰত জামিন পালে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে...
প্ৰায় ৫ মাহৰ মূৰত জামিন পালে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে...
Published on
Updated on

ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ পূৰ্বৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে লাভ কৰিলে জামিন। শুকুৰবাৰে কঠিত ভূমি কেলেংকাৰীৰ সৈতে সম্পৰ্কিত অবৈধ ধনৰ লেনদেনৰ গোচৰত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন আবেদন মঞ্জুৰ কৰিছে।

বিগত ৩১ জানুৱাৰীত ভূমি কেলেংকাৰী আৰু ইয়াৰ সৈতে অবৈধ ধনৰ লেনদেনৰ গোচৰত ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা তথা সেই সময়ৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। ইয়াৰ পৰৱৰ্তী সময়ত ১৩ মে'ত বেআইনী আৰ্থিক লেনদেন প্ৰতিৰোধ আইনৰ অধীনত ৰুজু হোৱা গোচৰত ৰাচীৰ বিশেষ আদালতে তেওঁৰ জামিন আবেদন খাৰিজ কৰিছিল।

ইয়াৰ পিছতে তেওঁ ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰিছিল তেওঁ। অৱশেষত প্ৰায় ৫ মাহৰ পাছত জামিনত মুক্তি লাভ কৰিলে হেমন্ত চোৰেনে।

উল্লেখ্য যে, ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল হেমন্ত চোৰেনে। ইডিৰ গ্ৰেপ্তাৰক বেআইনী অভিযোগ কৰি উচ্চতম ন্যায়ালয়তো আবেদন দাখিল কৰিছিল তেওঁ। কিন্তু পৰৱৰ্তী সময়ত ২২ মে' সেই আবেদন প্ৰত্যাহাৰ কৰে।

মন কৰিবলগীয়া যে, চুৰিনৰ গ্ৰেপ্তাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দুখন পৃথক আবেদন দাখিল হৈছিল। ইয়াৰে এখন আবেদন আছিল গ্ৰেপ্তাৰৰ বিৰুদ্ধে আৰু আনখন আবেদন আছিল তেওঁৰ জামিন আবেদন সন্দৰ্ভত।

এই দুয়োখন আবেদনৰে শুনানি ন্যায়াধীশ দীপাংকৰ দত্ত আৰু সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠলৈ আহিছিল। অৱশ্যে হেমন্ত চোৰেনৰ অধিবক্তাই আদালৰতৰ পৰা তথ্য আঁতৰাই ৰখাৰ বাবে এই আবেদনত সহাৰি নিদিলে। পাছত তেওঁৰ উকীলসকলে এই গোচৰ প্ৰত্যাহাৰ কৰে।

ইফালে অৰবিন্দ কেজৰিৱালক ৰাউচ এভিনিউ আদালতে ইডিৰ গোচৰত জামিন দিয়াৰ পিছতে পুনৰ চিবিআইয়ে আদালতৰ মজিয়াতে গ্ৰেপ্তাৰ কৰি ৩ দিনৰ বাবে নিজৰ জিম্মাত লৈছে। সেইদৰেই হেমন্ত চোৰেনৰ জামিনৰ বিৰুদ্ধে ইডি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলিও জানিব পৰা গৈছে। যদিহে উচ্চতম ন্যায়ালয়ে ইডিৰ আবেদনৰ প্ৰতি সহাৰি দিয়ে তেন্তে হেমন্ত চুৰিনৰ মুকলি আকাশৰ তললৈ অহাৰ বাট পুনৰ বন্ধ হৈ পৰিব।

প্ৰায় ৫ মাহৰ মূৰত জামিন পালে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে...
প্রয়াত ধীৰেশ্বৰ মেধি সোঁৱৰণী স্মাৰক বক্তৃতা অনুষ্ঠাৰ আয়োজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in