ঝাৰখণ্ডত পিছপৰা শ্ৰেণীৰ বাবে বৃদ্ধি পালে সংৰক্ষণ...

৭৭ শতাংশলৈ বৃদ্ধি সংৰক্ষণ

author-image
Asomiya Pratidin
New Update
ঝাৰখণ্ডত পিছপৰা শ্ৰেণীৰ বাবে বৃদ্ধি পালে সংৰক্ষণ...

ডিজিটেল ডেস্ক : ঝাৰখণ্ড চৰকাৰে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বৃদ্ধি কৰিলে পিছপৰা আৰু অন্যান্ন অনুসূচীত জাতিৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা । বৰ্তমানৰ পৰা ৭৭ শতাংশ আসন সংৰক্ষিত থাকিব পিছপৰা, অনুসূচীত জাতি আৰু আৰ্থিক ভাৱে দুৰ্বল লোকসকলৰ বাবে ।

মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ নেতৃত্ৱত হোৱা ৰাজ্যিক কেবিনেট বৈথকত লোৱা এই সিদ্ধান্তঅনুসৰি ১৪ শতাংশৰ পৰা ২৭ শতাংশলৈ বৃদ্ধি পালে অন্যান্ন পিছপৰা শ্ৰেণীৰ বাবে থকাসংৰক্ষণ ।

ইয়াৰ উপৰিও, কেবিনেট বৈঠকে ১৯৩২ বৰ্ষৰ ভূমিৰ তথ্য ব্যৱহাৰ কৰিব খিলঞ্জীয়া লোকসকলক চিনাক্ত কৰিবলৈ বুলিও সিদ্ধান্ত গ্ৰহণ কৰে । এই সিদ্ধান্ত ৰাজ্যখনৰ জনজাতীয় লোকসকলে ব্ৰিটিছ চৰকাৰে অন্তিমবাৰৰ বাবে ১৯৩২ চনত কৰা ভূমি জৰীপৰ তথ্য ব্যৱহাৰ কৰিবলৈ জনোৱা দাবীৰ ওপৰত ভিত্তি কৰি লোৱা হয় বুলি জানিবলৈ পৰা গৈছে ।

এক অস্থিৰ পৰিৱেশৰ মাজেৰে ঝাৰখণ্ডৰ ৰাজনৈতিক পৰিৱেশে গতি কৰি থকা সময়ত এই সিদ্ধান্তই শাসনাধিষ্ঠ চৰকাৰখনক অধিক জনপ্ৰিয় কৰি তুলিব বুলি অনুমান কৰা হৈছে । 

এই নতুন সিদ্ধান্ত সমূহ সংযোজন কৰি প্ৰস্তুত কৰা বিধেয়কখন সংবিধানৰ নৱম অনুসূচীত আইন ৰূপে বলৱৎ কৰিবলৈ অতি শীঘ্ৰেই ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব বুলিও জানিব পৰা গৈছে ।

এই সিদ্ধান্তৰ সৈতেই অনুসূচীত জাতিৰ বাবে ১২ শতাংশ, অনুসূচীত জনজাতিৰ বাবে ২৮ শতাংশ, অতি পিছপৰা শ্ৰেণীৰ বাবে ১৫ শতাংশ, অন্যান্ন পিছপৰা শ্ৰেণীৰ বাবে ১২ শতাংশ আৰু আৰ্থিক ভাৱে পিছপৰা শ্ৰেণীৰ লোকৰ বাবে ১০ শতাংশকৈ বৃদ্ধি পায় সংৰক্ষিত আসনৰ সংখ্যা ।

jharkhand hemanta soren reservation