মনে বিচৰা বিভাগ নাপাই ক্ষোভিত জিতন ৰাম মাঁঝি !

মনে বিচৰা বিভাগ নাপাই ক্ষোভিত জিতন ৰাম মাঁঝি !
Published on
Updated on

ডিজিটেল ডেস্ক : এম.এছ.এম.ই. মন্ত্ৰালয়ৰ দপ্তৰ লাভ কৰি সুখী নহয় জিতন ৰাম মাঁঝি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰে হোৱা বৈঠকৰ পাছতে বিহাৰত উপস্থিত হৈ বিস্ফোৰক এই মন্তব্য মাঝিঁৰ।

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেওঁৰ সংসদীয় সমষ্টি গয়াত উপস্থিত হোৱাৰ পিছত মাঁঝিয়ে কয় যে যেতিয়া আমাৰ বিভাগৰ খামটো খুলিছিলো, হতবাক হৈছিলো। এম.এছ.এম.ই দপ্তৰ দেখি একো বুজি পোৱা নাছিলো। মাথোঁ তীব্ৰ চাপৰ সন্মুখীন হৈছিলো। যে কি হ'ল এয়া !

মনতে নানা প্ৰশ্নই জাঙুৰ খাই উঠিছিল- কি আশা কৰিছিলো আৰু কি পালো। এই সন্দৰ্ভত তেঁও প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰি সকলো কথা জনোৱা বুলি মন্তব্য কৰে।

জিতন ৰাম মাঝিঁৰ কথা শুনি প্ৰধানমন্ত্ৰীয়ে কৈছিল যে, এয়া আপোনাৰ সপোনৰ বিভাগ। আপুনি বিচৰা ধৰণেই এই বিভাগৰ মন্ত্ৰিত্ব লাভ কৰিছে। প্ৰধানমন্ত্ৰীৰ পৰা এনে কথা শুনি মূৰ গৰম হৈ যোৱা বুলি মন্তব্য কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে মোডীৰ মন্ত্ৰীসভাত বিহাৰৰ পৰা মুঠ ৮ জন মন্ত্ৰীয়ে স্থান লাভ কৰিছে। ইয়াৰ ভিতৰত ৪ জন কেবিনেট মন্ত্ৰী আৰু ৪ জন ৰাজ্যিক মন্ত্ৰী।

এইবাৰ নিৰ্বাচনত বিহাৰ ভূমিকা আছিল অন্যতম। এই সন্দৰ্ভত বিহাৰ বিধানসভাৰ বিৰোধী দলপতি তেজস্বী যাদৱে কয় যে এইবাৰৰ নিৰ্বাচনত বিহাৰে কিংমেকাৰৰ ভূমিকা পালন কৰিছে। তেনেক্ষেত্ৰত বিহাৰৰ সাংসদসকলক প্ৰতি এনে দৃষ্টি বুলি মন্তব্য কৰে।

সাতে শতৰুৱে মিলি এতিয়া দেশজুৰি এই ঘটনাকলৈ চৰ্চিত হৈছে। দেশৰ ৰাজনৈতিক মহলতো জিতন ৰাম মাঝিঁৰ মন্তব্য ঠাই পাইছে। মাঝািঁৰ এনে মন্তব্যৰ পাছত প্ৰধানমন্ত্ৰীয়ে কি ভূমিকা পালন কৰে সেয়া হ'ব লক্ষ্যণীয়।

মনে বিচৰা বিভাগ নাপাই ক্ষোভিত জিতন ৰাম মাঁঝি !
পশ্চিমবংগত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা : দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in