বাদশ্বাহৰ গুণানুকীৰ্তন আমেৰিকান অভিনেতা জন চিনাৰ

শ্বাহৰুখ খান আৰু জন চিনা। নিজ নিজ ক্ষেত্ৰত দুয়োজনেই মহাতাৰকা ! সমগ্ৰ বিশ্বত দুয়োগৰাকী কিংবদন্তিৰে আছে অসংখ্য অনুৰাগী
বাদশ্বাহৰ গুণানুকীৰ্তন আমেৰিকান অভিনেতা জন চিনাৰ
Published on
Updated on

ডিজিটেল ডেস্ক : শ্বাহৰুখ খান আৰু জন চিনা। নিজ নিজ ক্ষেত্ৰত দুয়োজনেই মহাতাৰকা ! সমগ্ৰ বিশ্বত দুয়োগৰাকী কিংবদন্তিৰে আছে অসংখ্য অনুৰাগী। সামাজিক মাধ্যম নাইবা এনেও বিভিন্ন লোকে অনুসৰণ কৰে শ্বাহৰুখ-জন চিনাক।

পিছে দুয়োৰে মণিকাঞ্চন সংযোগ ঘটিছিল অনন্ত-ৰাধিকাৰ বিবাহ অনুষ্ঠানত। মুকেশ আম্বানী পৰিয়ালৰ সেই ৰাজকীয় বিয়াখনত ভি ভি আই পি অতিথি হিচাপে উপস্থিতি আছিল জন চিনা আৰু শ্বাহৰুখ খান।

তাতেই দুয়ো দুয়োকে লাগ পাইছিল। স্বাভাৱিকতে এই মহাতাৰকাৰ সংযোগৰ সাক্ষী হৈ ৰৈছিল বহুসংখ্যক লোক। বলিউদৰ বাদশ্বাহৰ আতিথ্যই মোহিত কৰিছিল পেছাদাৰী মল্লযোদ্ধা তথা আমেৰিকান অভিনেতা জন চিনাক। এই কথা জন চিনাই নিজেই প্ৰকাশ কৰিছে।

শ্বাহৰুখ খানৰ সান্নিধ্য সন্দৰ্ভত অলপতে আমেৰিকান অভিনেতাগৰাকীকে কেইবাটাও মন্তব্য কৰে। তেঁও কয় যে অনন্ত-ৰাধিকাৰ বিয়াত যেতিয়া শ্বাহৰুখ খানক লগ পাইছিলো তেতিয়া প্ৰথমে কৰমৰ্দন কৰি এক আবেগিক অনুভূতি লাভ কৰিছিলো।

শ্বাহৰুখক দেখিলেই অনুভৱ হয় তেঁও কিমান পৰিশ্ৰমী, কিমান সাধনা কৰে। ইমান জনপ্ৰিয়তা থকাৰ পাছতো কিদৰে মানুহে সহজ-সৰলভাৱে থাকিব পাৰে তাকলৈও মন্তব্য কৰে আমেৰিকান অভিনেতাগৰাকীয়ে। শ্বাহৰুখ খান এগৰাকী সহানুভূতিশীল আৰু দয়ালু লোক বুলিও জন চিনাই মন্তব্য কৰে।

বাদশ্বাহৰ গুণানুকীৰ্তন আমেৰিকান অভিনেতা জন চিনাৰ
অৰুণাচলত অপহৰণকাৰীৰ কৱলৰ পৰা উদ্ধাৰ পশ্চিমবংগৰ তিনি লোক !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in