আজি দেশৰ মুখ্য ন্যায়াধীশ হিচাপে শপত ল’ব ন্যায়াধীশ সঞ্জীৱ খান্নাই

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সভাপতিত্বত অনুষ্ঠিতব্য অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে নৱনিযুক্ত মুখ্য ন্যায়াধীশ হিচাপে খান্নাক শপত বাক্য পাঠ কৰোৱাব।

author-image
Asomiya Pratidin
New Update
আজি দেশৰ মুখ্য ন্যায়াধীশ হিচাপে শপত ল’ব ন্যায়াধীশ সঞ্জীৱ খান্নাই

ডিজিটেল ডেস্ক : ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’ব ন্যায়াধীশ সঞ্জীৱ খান্নাই। সোমবাৰে পুৱা ১০-০০ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’ব লগা এক অনুষ্ঠানত শপত ল’ব তেওঁ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সভাপতিত্বত অনুষ্ঠিতব্য অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে নৱনিযুক্ত মুখ্য ন্যায়াধীশ হিচাপে খান্নাক শপত বাক্য পাঠ কৰোৱাব। উল্লেখযোগ্য যে ৬ মাহৰ বাবে মুখ্য ন্যায়াধীশ হিচাপে সঞ্জীৱ খান্নাই কাৰ্যনিৰ্বাহ কৰিব।

ইতিমধ্যে দেওবাৰে পূৰ্বৰ মুখ্য ন্যয়াধীশ ডি ৱাই চন্দ্ৰচূড়ে অৱসৰ গ্ৰহণ কৰিছে। ইয়াৰ পাছতে সোমবাৰে চন্দ্ৰচূড়ৰ স্থানত স্থলাভিষিক্ত হ’ব সঞ্জীৱ খান্না।

মুখ্য ন্যায়াধীশ হিচাপে খান্নাই ১১ নবেম্বৰ ২০২৪ৰ পৰাই কাৰ্যভাৰ গ্ৰহণ কৰিব। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে আইন আৰু ন্যায় মন্ত্ৰালয়ে নিজৰ অধিসূচনাত নিশ্চিত কৰিছে যে ৰাষ্ট্ৰপতিয়ে, ১২৪ নং অনুচ্ছেদৰ দফা (২)ৰ অধীনত ভাৰতৰ সংবিধানে ন্যায়াধীশ খান্নাক দেশৰ সৰ্বোচ্চ ন্যায়িক পদত নিযুক্তি দিছে।

Also Read: ওদালগুৰিত অঘটন : বন্যহস্তীৰ আক্ৰমণত নিহত এজন

Sanjiv Khanna