কাৰ্গিল যুদ্ধতেই দেশৰ বাবে শ্বহীদ হৈছিল কেপ্টেইন জিন্টু গগৈ...

কাৰ্গিল যুদ্ধতেই দেশৰ বাবে শ্বহীদ হৈছিল কেপ্টেইন জিন্টু গগৈ...
Published on
Updated on

ডিজিটল ডেস্কঃ আজি অৰ্থাৎ ২৬ জুলাই কাৰ্গিল বিজয় দিৱস। ১৯৯৯ চনৰ জুন মাহত কাৰ্গিলত পাকিস্তান সেনাৰ সৈতে হোৱা ভাৰতীয় সেনাৰ তুমুল সংঘৰ্ষৰ পিছতে একে বৰ্ষৰে ২৬ জুলাইত ভাৰতীয় সেনাই পাকিস্তানী সেনাক পৰাভূত কৰি পাকিস্তান সীমান্তত উৰুৱাইছিল বিজয় ধ্বজ্জা। সেই দিন ধৰি উক্ত দিনটো পালন কৰি অহা হৈছে কাৰ্গিল বিজয় দিৱস হিচাপে।

গোলা-বাৰুদ, মিছাইলৰ শব্দই উত্তপ্ত কৰি তুলিছিল সমগ্ৰ পৰিবেশ। য'ত ৫২৭ গৰাকী সেনাই দেশৰ বাবে প্ৰাণ আহুতি দিছিল। এই বহুজনৰ লগতে দেশৰ কাৰণে জীৱন বলিদান দিছিল অসম সন্তান বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈয়ে।

ভাৰতীয় সেনা বাহিনীৰ এজন বীৰ যোদ্ধা আছিল জিন্টু গগৈ। ১৯৯৯চনত ৩০জুনত শত্ৰুসেনাৰ গুলীত বাটালিক চেক্টৰৰ কালাপথাৰত শ্বহীদ হৈছিল অসমৰ এই বীৰ জোৱান জন। বহুদিনৰ লৈকে তেওঁৰ মৃত্যুৰ খবৰ আহিছিল যদিও উদ্ধাৰ কৰিব পৰা নাছিল মৃতদেহ। প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বিশেষ উদ্যোগত জিন্টু গগৈৰ নশ্বৰদেহ উদ্ধাৰ কৰি অনা হৈছিল।

জিন্টু গগৈৰ জন্ম হৈছিল ১৯৭০চনৰ ২১ নৱেম্বৰত। কাৰ্গিললৈ যোৱাৰ পূৰ্বে দিল্লীত শেষবাৰৰ বাবে মাক-দেউতাকক সাক্ষাৎ কৰিছিল গোলাঘাটৰ খুমটাইত জন্মগ্ৰহণ কৰা জিন্টু গগৈয়ে। সেয়াই আছিল জিন্টু গগৈৰ পিতৃ-মাতৃৰ সৈতে শেষ সাক্ষাৎ ।

এই বীৰ শ্বহীদ গৰাকীলৈ সশ্ৰদ্ধ স্মৰণ। দেশৰ বাবে তেওঁৰ অৱদান চিৰ স্মৰণীয় হৈ ৰ'ব।

কাৰ্গিল যুদ্ধতেই দেশৰ বাবে শ্বহীদ হৈছিল কেপ্টেইন জিন্টু গগৈ...
দোকানলৈ যোৱা এজনক চোৰৰ সন্দেহত মৰিয়াই মৰিয়াই হত্যা, আটক ৭ জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in