কাশ্মীৰত আৰম্ভ হৈছে টাৰ্গেট কিলিং, পুনৰ আক্ৰমণৰ বলি হিন্দুসকল

author-image
Asomiya Pratidin
New Update
কাশ্মীৰত আৰম্ভ হৈছে টাৰ্গেট কিলিং, পুনৰ আক্ৰমণৰ বলি হিন্দুসকল

ডিজিটেল ডেস্ক : পুনৰ অশান্ত কাশ্মীৰ । ধৰ্মীয় সংঘাত তুংগত ৰাজ্যখনত । অৱশ্যে পূৰ্বৰে পৰাই সংঘাত মাজতে কিছু পৰিমাণে শান্ত হৈ পৰিছিল যদিও পুনৰ আৰম্ভ হৈছে কাশ্মীৰ হিন্দু সকলৰ ওপৰত চলা অত্যাচাৰ । এই অত্যাচাৰ অৱশ্যে কাশ্মীৰৰ সাধাৰণ জনতাই সৃষ্টি কৰা নহয় । এই অত্যাচাৰ কিছু সন্ত্ৰাসবাদীৰহে সৃষ্ট ।

উল্লেখ্য যে, কাশ্মীৰত শেহতীয়াকৈ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে স্থানীয় এটি বেংকৰ নিৰাপত্তাৰক্ষী সঞ্জয় শৰ্মাই । সঞ্জয় শৰ্মাই বজাৰলৈ যোৱা অৱস্থাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হয় । নিকটৱৰ্তী চৰকাৰী চিকিৎসালয়লৈ দুৰ্ভগীয়া সঞ্জয় শৰ্মাক লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ভুক্তভোগী গৰাকীক ।

দুৰ্ঘটনাৰ পাছত আৰক্ষীৰ ভাষ্য অনুসৰি, বৰ্তমান এগৰাকী নিৰ‍াপত্তাৰক্ষী নিযুক্ত কৰা হৈছে সংখ্যালঘু সকলৰ সুৰক্ষাৰ বাবে । কিন্তু কেৱল এজন নিৰাপত্তাৰক্ষীয়ে জানো সুৰক্ষা প্ৰদান কৰিব পাৰিব এখন গাঁৱক ।

আনহাতে, কেৱল সংখ্যালঘু অথবা সংখ্যাগৰিষ্ঠ বুলিয়েই নহয় বৰং সকলো নাগৰিকক সামগ্ৰিক ভাৱে সুৰক্ষিত কৰিবলৈ ৰাজনীতিবিদসকলে লৈছেনে কোনো দায়িত্ব ?

Also Read: নুমলীগড়ৰ বালিজান দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মাষ্টাৰমাইণ্ড ৰফিকুল ৰহমান আৰক্ষীৰ জালত

kashmir