আজি দেশজুৰি কনিষ্ঠ চিকিৎসকৰ অনশনঃ বংগৰ কাৰ্নিভেল উত্তপ্ত হোৱাৰ আশংকা...

ধৰমতলৰ ৰেড ৰোডত ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা জাৰি
আজি দেশজুৰি কনিষ্ঠ চিকিৎসকৰ অনশনঃ বংগৰ কাৰ্নিভেল উত্তপ্ত হোৱাৰ আশংকা...
আজি দেশজুৰি কনিষ্ঠ চিকিৎসকৰ অনশনঃ বংগৰ কাৰ্নিভেল উত্তপ্ত হোৱাৰ আশংকা...
Published on
Updated on

ডিজিটেল ডেস্কঃ আজি দেশজুৰি কনিষ্ঠ চিকিৎসকসকলে পুৱাৰে পৰা অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে। কলকাতাৰ কনিষ্ঠ চিকিৎসকসকলে কৰি থকা আমৰণ অনশনৰ প্ৰতি সমৰ্থন জনাই Indian Medical Associationৰ আহ্বানত দেশজুৰি কনিষ্ঠ চিকিৎসকসকলেও আজি পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী পালন কৰিছে।

ইফালে আজি কলকাতাত দুৰ্গা পূজা অন্ত পৰাৰ পাছত পশ্চিমবংগ চৰকাৰে ধৰমতলৰ ৰেড ৰোডত আয়োজন কৰিছে দুৰ্গা পূজা কাৰ্নিভেল। এই একে সময়তে আকৌ আৰ জি কৰ মেডিকেল কলেজৰ ঘটনাৰ প্ৰতিবাদ তথা জুনিয়ৰ চিকিৎসকসকলৰ বিভিন্ন দাবী পূৰণৰ বাবে দ্ৰোহ কাৰ্নিভেল আহ্বান জনাইছে চিকিৎসকসকলৰ যুটীয়া সংগঠন  জইণ্ট প্লেটফৰ্ম অফ ডক্টৰছে।

ফলত পৰিস্থিতি অৱনতি হোৱাৰ আশংকাত কলকাতা আৰক্ষীয়ে ধৰমতলৰ আশে পাশে মানুহ জমা হোৱাত নিষেধাজ্ঞা জাৰি কৰিছে। মঙ্গলবাৰে পুৱাই প্ৰশাসনে এক জাননী জাৰি কৰি ধৰমতলৰ মুঠ ৭ টা স্থানত ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰিছে।

উল্লেখ্য যে, কলকাতাৰ দুৰ্গা পূজাই ইউনেস্কোৰ দ্বাৰা কালচাৰেল হেৰিটেজৰ স্বীকৃতি পোৱাৰ পাছৰে পৰা কলকাতা দেৱী বিসৰ্জনৰ পাছত কাৰ্নিভেল অনুষ্ঠিত হৈ আহিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ চিন্তাৰ ফচল এই কাৰ্নিভেল।

দশমীৰ পাছত চহৰখনৰ বিখ্যাত পূজা মণ্ডপসমূহৰ দেৱী প্ৰতিমা ৰেড ৰোডৰ মাজেৰে ৰোড শ্ব’ৰ জৰিয়তে গংগাত উটুৱাই দিবলৈ লৈ যোৱা হয়। এই কাৰ্নিভেল উপভোগ কৰিবলৈ বংগ চৰকাৰে দেশ, বিদেশৰ অতিথিও আমন্ত্ৰণ জনায়।

কিন্তু আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ ঘটনা আৰু জুনিয়ৰ চিকিৎসকৰ প্ৰতিবাদৰ বাবে এইবাৰ কলকাতাৰ দুৰ্গা পূজাৰ পৰিবেশ পূৰ্বতৰৈ বহু পৃথক। দুৰ্গোৎসৱৰ সময়তো বিভিন্নধৰণৰ বয়কটৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। কনিষ্ঠ চিকিৎসকে ষষ্ঠিৰ পূৰ্বৰে পৰা আমৰণ অনশনত লিপ্ত হৈছে।

সেয়ে আজি কাৰ্নিভেলৰ সময়তো চিকিৎসকসকলে প্ৰতিবাদ অব্যাহত ৰাখি দ্ৰোহ কাৰ্নিভেলৰ আহ্বান জনাইছে। অৱশ্যে বংগৰ মুখ্য সচিবগৰাকীয়ে এই প্ৰতিবাদ প্ৰত্যাহাৰ কৰিবলৈ বাৰে বাৰে আহ্বান জনাই আহিছে।

সোমবাৰে এই সংক্ৰান্তত তেওঁৰ সৈতে কনিষ্ঠ চিকিৎসকসকলে আলোচনাত মিলিত হৈছে। এই আলোচনাত কোনো সমাধান নোলোৱাত মুখ্য সচিবগৰাকীকো দ্ৰোহ কাৰ্নিভেলত চামিল হ’বলৈ আহ্বান জনাইছে কনিষ্ঠ চিকিৎসসকলে।

আজি দেশজুৰি কনিষ্ঠ চিকিৎসকৰ অনশনঃ বংগৰ কাৰ্নিভেল উত্তপ্ত হোৱাৰ আশংকা...
দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in