"লাচিত: দ্য ৱাৰিয়াৰ" লৈ য়থাকথা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰু সাহিত্য মহোৎসৱৰ 'শ্ৰেষ্ঠ এনিমেছন চলচ্চিত্ৰ'ৰ বঁটা

 "লাচিত: দ্য ৱাৰিয়াৰ" লৈ  য়থাকথা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰু সাহিত্য মহোৎসৱৰ 'শ্ৰেষ্ঠ এনিমেছন চলচ্চিত্ৰ'ৰ বঁটা
Published on
Updated on

ডিজিটেল ডেস্কঃ অসমবাসীলৈ আন এক সুখবৰ। দেওবাৰ মুম্বাইত অনুষ্ঠিত যথাকথা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰু সাহিত্য মহোৎসৱত শ্ৰেষ্ঠ এনিমেছন চলচ্চিত্ৰৰ বঁটা লাভ কৰে লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰ ওপৰত নিৰ্মিত চুটিছবি "লাচিত: দ্য ৱাৰিয়াৰ"য়ে। পাৰ্থসাৰথি মহন্তৰ পৰিচালনা আৰু মীনা মহন্ত, ইন্দ্ৰাণী বৰুৱাৰ প্ৰযোজনাত প্ৰকাশ পোৱা এই চুটিছবিখনৰ ধাৰাভাষ্যকাৰ হৈছে অমৰজ্যোতি চৌধুৰী। ছবিখনে লাভ কৰা এই শ্ৰেষ্ঠত্বৰ খিতাপৰ বাবে এতিয়া স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে অসমৰ সাংস্কৃতিক জগত।

ছবিখনৰ ক্ৰিয়েটিভ ডাইৰেক্টৰ অনুপম মহন্ত, ষ্টৰী বৰ্ডিং হৃষিকেশ বৰা আৰু ভিএফএক্স কৰিছে ৰাতুল দত্তই। মুম্বাই, দিল্লী, কলকাতা, জয়পুৰ, উত্তৰ-পূব চলচ্চিত্ৰ মহোৎসৱকে ধৰি এতিয়ালৈকে ৮ খন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত লাচিত দ্য ৱাৰিয়াৰ প্ৰদৰ্শিত আৰু পুৰস্কৃত হৈছে। ছবিখন গোৱাত অনুষ্ঠিত হ'বলগীয়া ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সন্মানীয় ভাৰতীয় পেনোৰামাৰ বাবেও নিৰ্বাচিত হৈছে।

 "লাচিত: দ্য ৱাৰিয়াৰ" লৈ  য়থাকথা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰু সাহিত্য মহোৎসৱৰ 'শ্ৰেষ্ঠ এনিমেছন চলচ্চিত্ৰ'ৰ বঁটা
৭ নৱেম্বৰত ১০০০ কোটি টকাৰ ঋণ ল'ব চৰকাৰে, লক্ষ্য ২৫,০০০ কোটি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in