লাডাখৰ নৈত টেংক ডুবি বিষয়াসহ ৫ জোৱান নিহত...

লাডাখৰ নৈত টেংক ডুবি বিষয়াসহ ৫ জোৱান নিহত...
লাডাখৰ নৈত টেংক ডুবি বিষয়াসহ ৫ জোৱান নিহত...
Published on
Updated on

ডিজিটেল ডেস্কঃ লাডাখত ভাৰতীয় সেনাৰ সৈতে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। এখন নদীত টেংক আবদ্ধ হৈ পৰাৰ ফলত বিষয়াসহ ৫ জনকৈ সেনা জোৱানৰ মৃত্যু হৈছে।

তথ্য অনুসৰি শুকুৰবাৰে লাডাখৰ দৌলত বেগ ওল্ডিত ভাৰতীয় সেনাই টেংক অনুশীলন চলাই আছিল। তাৰ মাজতে সেনাৰ টেংক টি-৭২ শ্বায়োক নদীৰ মাজত আবদ্ধ হৈ পৰে। ফলত টেংকখনৰ ভিতৰ ভাগত পানী সোমাই যায়। এনে পৰিস্থিতিত জেপিঅ'কে ধৰি ৫ জন সেনা জোৱানৰ মৃত্যু হৈছে।

ঘটনাৰ পাছতে উদ্ধাৰকাৰীয়ে আটাইকেইজন সেনাকে উদ্ধাৰ কৰিছে। সেনাৰ শীৰ্ষতম মহলে জনোৱা অনুসৰি এই ঘটনা লেহৰ পৰা ১৪৮ কিলোমিটাৰ আঁতৰত সংঘটিত হৈছে। নিশা ১ বজাত সংঘটিত হোৱা এই ঘটনাৰ পাছত শনিবাৰে পুৱা পৰ্যন্ত উদ্ধাৰ অভিযান চলে আৰু সেনা জোৱান, বিষয়াৰ মৃতদেহ উদ্ধাৰ কৰে।

ইয়াৰ পূৰ্বে বিগত বছৰত লেহ জিলাত এখন সেনাৰ ট্ৰাক পথৰ পৰা দ খাৱৈত বাগৰি পৰাৰ ফলত এগৰাকী জেচিঅ'সহ ৯ গৰাকী সেনা জোৱান নিহত হৈছিল।

লাডাখৰ নৈত টেংক ডুবি বিষয়াসহ ৫ জোৱান নিহত...
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰেকৰ্ডৰ বৰষুণঃ ছেফালীৰ দ্ৰুত দ্বিশতক, স্মৃতিৰ শতক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in