ডিজিটেল ডেস্ক : ৰাষ্ট্ৰৰ বিখ্যাত ৰাজনৈতিক নেতা সকলৰ এজন লালু প্ৰসাদ যাদৱৰ প্ৰত্যাৱৰ্তন ঘটিব ৰাজনীতিলৈ । এক বৰ্ণিল ৰাজনৈতিক জীৱনৰ পাছত বিভিন্ন কেলেংকাৰীৰ বাবে কাৰাগাৰলৈ যাব লগীয়া লালু প্ৰসাদ যাদৱ আছিল বিহাৰৰ মুখ্য মন্ত্ৰী তথা কেন্দ্ৰীয় ৰেল মন্ত্ৰী ।
বৰ্তমান চলি থকা ৰাষ্ট্ৰীয় জনতা দলৰ অধ্যক্ষ পদৰ নিৰ্বাচনৰ জৰিয়তে আকৌ এবাৰ ৰাজনীতিলৈ প্ৰত্যাৱৰ্তন কৰাৰ মন মেলিছে এই বিতৰ্কিত লালু প্ৰসাদ যাদৱে । আজি দুপৰীয়া প্ৰায় ১২ বজাত দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত মনোনয়ন দাখিল কৰিব বৰ্ষীয়ান নেতা গৰাকীয়ে । এই মনোনয়ন যাত্ৰাত নেতাগৰাকীৰ সংগী হ'ব দলৰ প্ৰদেশ অধ্যক্ষ জগদানন্দ সিং, উপ মুখ্যমন্ত্ৰী তেজস্ৱী যাদৱৰ সৈতে ৰাষ্ট্ৰীয় জনতা দলৰ আন সৰু-বৰ নেতা ।
দলটিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰূপে নেতা গৰাকী বিনা প্ৰতিদ্বন্দিতাত জয়ী হোৱাৰ সম্ভাৱনা অধিক বুলি গণ্য কৰা হৈছে । তাৰ পাছতেই ১০ অক্টোবৰত অধ্যক্ষ পদৰ আনুষ্ঠানিক ঘোষণা কৰা হ'ব । আৰু এই অনুষ্ঠানতেই ঘোষণা কৰা হ'ব লালু প্ৰসাদ যাদৱৰ নাম অধ্যক্ষ ৰূপে ।