সেয়া বিয়াৰ প্ৰস্তাৱ নে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ প্ৰস্তাৱ ! দেশজুৰি আৰম্ভ হৈছে চৰ্চা...

সেয়া বিয়াৰ প্ৰস্তাৱ নে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ প্ৰস্তাৱ ! দেশজুৰি আৰম্ভ হৈছে চৰ্চা...

author-image
Asomiya Pratidin
New Update
সেয়া বিয়াৰ প্ৰস্তাৱ নে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ প্ৰস্তাৱ ! দেশজুৰি আৰম্ভ হৈছে চৰ্চা...

সেয়া বিয়াৰ প্ৰস্তাৱ নে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ প্ৰস্তাৱ ! দেশজুৰি আৰম্ভ হৈছে চৰ্চা...

ডিজিটেল ডেস্কঃ সেয়া য়াৰ প্ৰস্তাৱ নে প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱ ! ৰাহুল গান্ধীক বিয়াৰ প্ৰস্তাৱৰ মাজেৰে লালু প্ৰসাদ যাদৱে বিৰোধীৰ নেতা হিচাপে প্ৰক্ষেপ কৰিলে নেকি বুলিও চৰ্চা চলিছে।

দেশৰ ৰাজনীতিত নিজস্ব কথন শৈলী আৰু কামকাজৰ বাবে সদায়েই চৰ্চাৰ শীৰ্ষত আৰোহণ কৰি আহিছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে। ব্যতিক্ৰম নহ’ল শুকুৰবাৰৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ বৈঠকৰ সময়তো।

বৈঠকৰ অন্তত সংবাদ মেল সম্বোধন কৰাৰ সময়ত লালু প্ৰসাদ যাদৱে ৰাহুল গান্ধীক দিয়া এটা প্ৰস্তাৱে সকলোৰে চকু কপালত তুলিলে। বিজেপিৰ বিৰোধিতাৰে একত্ৰিত হোৱা বিৰোধী ৰাজনৈতিক দলসমূহে ৰণকৌশল তৈয়াৰ কৰা এই বৈঠকৰ অন্তত সংবাদ মেলত হঠাৎ ৰাহুল গান্ধীক বিয়াৰ প্ৰস্তাৱ দিলে লালু প্ৰসাদ যাদৱে।

তেওঁ সাংবাদিকৰ আগতে ৰাহুল গান্ধীক পৰামৰ্শ দিলে বিয়া পতাৰ। লালু প্ৰসাদৰ এই কথাত ৰাহুল গান্ধীয়েই নহয়, সাংবাদিকসকলো আচৰিত হৈ পৰিল। লালু প্ৰসাদৰ এই প্ৰস্তাৱৰ আঁৰত অৱশ্যে কাৰণ নোহোৱা নহয়।

প্ৰকৃততে শাসকীয় পক্ষক সমালোচনাৰ উচিত প্ৰত্যুত্তৰ দিবলৈকে লালুৱে এইদৰে ৰাহুল গান্ধীৰ বিয়াৰ প্ৰসংগ উত্থাপন কৰে। বিজেপিয়ে পাটনাৰ এই বৈঠকক বৰযাত্ৰীৰে তুলনা কৰি সমালোচনা কৰিছিল।

প্ৰশ্ন কৰিছিল বৰযাত্ৰীৰ লগত দৰা ক’ত আছে? সেই মন্তব্যৰে নিজস্ব ধৰণে প্ৰত্যুত্তৰ দিলে লালুৱে। বিজেপি সাংসদ ৰবিশংকৰ প্ৰসাদে বৃহস্পতিবাৰে বিৰোধী দলসমূহৰ এই বৈঠকক সমালোচনা কৰিছিল।

তেওঁ কটাক্ষ কৰি কৈছিল শুনিছো নীতিশজীয়ে পাটনাত বৰযাত্ৰী সজাইছে। বৰযাত্ৰীত দৰাওটো থাকে। এই বৰযাত্ৰীৰ মাজত দৰা কোন? ২০২৪ ৰ দৰা কোন? সকলোৱেইটো প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ।

কেৱল ৰবিশংকৰ প্ৰসাদেই নহয়, বিহাৰৰ বিজেপি নেতা তথা সাংসদ সুশীলকুমাৰ মোডিয়েও একেই কটাক্ষ কৰি কৈছিল ইয়াত সকলোৱেই দৰা, বৰযাত্ৰী কোনো নহয়।সেয়ে বিৰোধী ৰাজনৈতিক দলৰ বৈঠকৰ অন্ত পৰাৰ পাছতে লালু প্ৰসাদ যাদৱে সংবাদ মেলত ৫৩ বছৰীয়া ৰাহুল গান্ধীক পৰামৰ্শ দিলে বিয়া পতাৰ।

তেওঁ কয়, কথা শুনা, বিয়াখন পাতি লোৱা। লালুৰ এই পৰামৰ্শ শুনি ৰাহুল গান্ধীয়ে লাজে লাজে হাঁহি মাৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। লালু প্ৰসাদ যাদৱৰ এই প্ৰত্যুত্তৰ ৰসিকতাৰ হলেও কিন্তু ইয়াৰ আঁৰত আছে এক ইংগিত।

বহুতেই সেই ইংগিত ধৰিব পাৰিছে। বহুতৰ মতে ৰাহুল গান্ধীক বিয়া পাতিবলৈ কৈ দৰা হোৱাৰ যি প্ৰস্তাৱ দিলে সেই প্ৰস্তাৱৰ আঁৰত আছিল ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী পদৰ প্ৰস্তাৱ ! বহুতৰ মতে লালু প্ৰসাদে ৰাহুল গান্ধীকেই ২০২৪ ত বিৰোধীৰ প্ৰধানমন্ত্ৰীৰ বাবে প্ৰক্ষেপিত মুখ হোৱাৰ সম্ভাৱনা আছে।

Also Read: কেজিৰৱাল, খাৰ্গেৰ যুদ্ধত মমতাৰ হস্তক্ষেপঃ আৰম্ভণিতে ভাঙিল নেকি মিত্ৰজোট?

ৰাহুল গান্ধী কংগ্ৰেছ লালু প্ৰসাদ যাদৱ