কেন্দ্ৰত দুৰ্বল চৰকাৰ, যিকোনো সময়তে হ'ব পাৰে নিৰ্বাচন !

আৰ জে ডিৰ প্ৰতিষ্ঠা দিৱসত লালু প্ৰসাদ যাদৱৰ ভাষ্য
কেন্দ্ৰত দুৰ্বল চৰকাৰ, যিকোনো সময়তে হ'ব পাৰে নিৰ্বাচন !
কেন্দ্ৰত দুৰ্বল চৰকাৰ, যিকোনো সময়তে হ'ব পাৰে নিৰ্বাচন !
Published on
Updated on

ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত গঠন হোৱা এন ডি এৰ চৰকাৰৰ আয়ুস কমি আহিছে। এই চৰকাৰখন অহা আগষ্ট মাহৰ ভিতৰতে ভংগ হোৱাৰ সম্ভাৱনা আছে। মোডীৰ নেতৃত্বত গঠন হোৱা এন ডি এ চৰকাৰ বহু দুৰ্বল। যিকোনো মুহূৰ্ততে দেশত পুনৰ লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব পাৰে।

এয়া আমাৰ কথা নহয়। দেশৰ জ্যেষ্ঠ ৰাজনৈতিক নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ ভাষ্য। লালু প্ৰসাদ যাদৱে আজি বিহাৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় জনতা দলৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱসত এই ভাষ্য প্ৰদান কৰিছে।

বিহাৰৰ বিৰোধী ৰাজনৈতিক দল আৰ জে ডিৰ আজি ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। আৰ জে ডি কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই প্ৰতিষ্ঠা দিৱসত লালু প্ৰসাদ যাৱদৰ লগতে তেওঁৰ পুত্ৰ তেজস্বী যাদৱৰ লগতে দলটোৰ অন্যান্য শীৰ্ষ নেতাসকলো উপস্থিত থাকে।

এই অনুষ্ঠানলৈ অহাৰ সময়ত দলটোৰ কাৰ্যকৰ্তাসকলে লালু, তজস্বীক উষ্ম আদৰণি জনোৱাৰ লগতে দুয়োকে ৰূপৰ মুকুটো পৰিধান কৰোৱায়।এই অনুষ্ঠানত দলীয় কাৰ্যকৰ্তাসকলক সম্বোধন কৰি লালু প্ৰসাদ যাদৱে কয় যে, যোৱা ২৭ বছৰত আমি বহু উত্থাপন, পতন দেখিলোঁ। এই উত্থান, পতনৰ মাজতো আৰ জে ডি শক্তিশালী হৈছে। তেজস্বীৰ নেতৃত্বতে পৰৱৰ্তী যুঁজসমূহ যুঁজিব লাগিব।

ইয়াৰোপৰি তেওঁ কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি কয় যে, প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত গঠিত কেন্দ্ৰীয় চৰকাৰ বহু দুৰ্বল। এই বছৰৰ আগষ্টলৈকেহে এই চৰকাৰ থাকিব। মই দলৰ সকলো কাৰ্যকৰ্তাক সাজু হৈ থাকিবলৈ আহ্বান জনাইছো। কিয়নো নিৰ্বাচন যিকোনো সময়তে অনুষ্ঠিত হ’ব পাৰে। দিল্লীত মোডী চৰকাৰ বহুত দুৰ্বল, আগষ্টৰ ভিতৰত চৰকাৰ ভংগ হ’ব।

ইফালে অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেজস্বী যাদৱে শাসকীয় জে ডি ইউক সমালোচনাৰ লক্ষ্য কৰি লয়। তেজস্বীয়ে কেন্দ্ৰীয় চৰকাৰ ৫ বছৰ শাসনত থাকিব নোৱাৰে বুলি কৈ কয় যে, বিহাৰত নীতিশ কুমাৰে ২০২৪ অথবা ২০২৫ যেতিয়াই বিধানসভা নিৰ্বাচন অনুষ্ঠিত নকৰক কিয় এইবাৰ আৰ জে ডিয়েই চৰকাৰ গঠন কৰিব।

তেজস্বীয়ে পুনৰ কয়, আমি যদি আৰু অলপ বেছি কষ্ট কৰিলোঁ হয় তেন্তে আৰু অধিক আসন লাভ কৰিলোঁ হয়। আমি ১০ ৰ পৰা ১২ খন আসনত ভুল কৰি আৰ জে ডিক হৰুৱালোঁ।

তেওঁ বিজেপিক সমালোচনা কৰি কয়, বিজেপি সংৰক্ষণ বিৰোধী পাৰ্টি। জাতিৰ আধাৰত গণনা আৰু ৭৫ শতাংশলৈ সংৰক্ষণ বৃদ্ধি কৰক। বিজেপি শাসনলৈ অহাৰ পাছতেই ৭৫ শতাংশ সংৰক্ষণক স্থগিত কৰিবলৈ কৌশল ৰচনা কৰিছে। বিজেপি সংবিধান আৰু সংৰক্ষণৰ বিৰোধী।  

ইফালে বিহাৰত সংঘটিত হোৱা দুৰ্নীতিৰ সন্দৰ্ভতো সৰৱ হয় তেজস্বী। তেওঁ কয়, বিহাৰত ডাৱল ইঞ্জীনৰ চৰকাৰে অদ্ভুত খেল খেলি আছে। এটা ইঞ্জীন দুৰ্নীতিত লিপ্ত হৈছে আৰু এটা ইঞ্জীন অপৰাধত লিপ্ত হৈছে।

১৫ দিনত ১২ খন দলং ভাঙি যোৱাটো সাধাৰণ কথা নহয়। এয়াই দুৰ্নীতিৰ বৰ্তমানৰ অৱস্থা। নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত ১৮ মাহ বাদ দি বাকী সকলো সময়তে গ্ৰাম্য নিৰ্মাণ বিভাগ জে ডি ইউৰ হাততেই আছে।

বিহাৰত ধাৰাবাহিক দুৰ্নীতি দেখিবলৈ পোৱা গৈছে। ধাৰাবাহিক অপৰাধৰ ঘটনা সংঘটিত হৈছে। যিসকলে নিবনুৱা, দৰিদ্ৰতা, মুদ্ৰাস্ফীতি বৃদ্ধি কৰিলে, যিসকলৰ কাৰ্যকালত দলংবোৰ ভাঙিলে তেওঁলোকক আমি পুনৰ ক্ষমতালৈ আহিবলৈ নিদিওঁ বুলিও কয় তেজস্বীয়ে।

কেন্দ্ৰত দুৰ্বল চৰকাৰ, যিকোনো সময়তে হ'ব পাৰে নিৰ্বাচন !
ভাৰত-বাংলাদেশ সীমান্তত জব্দ ধন, সোণে চকু কপালত তুলিব আপোনাৰঃ ৩ হাজাৰ টকাৰ বিনিময়ত চলে সৰবৰাহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in