'ভূমিৰ বিনিময়ত চাকৰি' গোচৰত গ্ৰেপ্তাৰ লালু,তেজস্বীৰ সহায়কক: বিপদত দুই নেতা...

ভূমিৰ বিনিময়ত চাকৰি গোচৰত গ্ৰেপ্তাৰ লালু,তেজস্বীৰ সহায়ক: বিপদত দুই নেতা...
ভূমিৰ বিনিময়ত চাকৰি গোচৰত গ্ৰেপ্তাৰ লালু,তেজস্বীৰ সহায়ক: বিপদত দুই নেতা...
Published on
Updated on

ডিজিটেল ডেস্কঃ বিহাৰৰ বহু চৰ্চিত 'ভূমিৰ বিনিময়ত চাকৰি' দুৰ্নীতিৰ গোচৰত প্ৰৱৰ্তন সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছে অমিত কাতিয়ালক। এই অমিত কাতিয়াল বিহাৰৰ ক্ষমতাৰ অংশীদাৰ ৰাষ্ট্ৰীয় জনতা দল চমুকৈ আৰ জে দিৰ মুৰব্বী লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পুত্ৰ তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ সহায়ক।

উল্লেখ্য কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে শুকুৰবাৰে কাতিয়ালক গোচৰটোৰ সন্দৰ্ভত সোধ-পোছাৰ পিছত গ্ৰেপ্তাৰ কৰে। আনহাতে ইডিয়ে লালু, তেজস্বীৰ এই সহায়কগৰাকীক স্থানীয় আদালতত হাজিৰ কৰি অধিক সোধ-পোছৰ বাবে তেওঁলোকৰ জিম্মাত বিচাৰিছে।

সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি কাতিয়ালে বিগত প্ৰায় দুমাহ ধৰি ইডিৰ চমন উপেক্ষা কৰি আহিছিল।দিল্লী উচ্চ ন্যায়ালয়ত তেওঁৰ বিৰুদ্ধে জাৰি হোৱা ইডিৰ চমন বাতিল কৰাৰ বাবেও আৱেদন দাখিল কৰিছিল। অৱশ্যে ন্যায়ালয়ে সেই আৱেদন খাৰিজ কৰে।

চলিত মাৰ্চ মাহত ই ডিয়ে লালু প্ৰসাদ যাদৱ, তেজস্বী যাদৱ আৰু লালুৰ কন্যাকে ধৰি অন্যান্যসকলৰ গৃহত অভিযান চলাইছিল। ইয়াৰোপৰি ইডিৰ অভিযান চলিছিল অমিত কাতিয়ালৰ গৃহতো।

তদন্তকাৰী সংস্থাটোৰ মতে অমিত কাতিয়াল লালু প্ৰসাদৰ অতি ঘনিষ্ঠ সহায়ক আৰু এ কে ইনফোচিষ্টেমছ প্ৰাইভেট লিমিটেডৰ প্ৰাক্তন সঞ্চালক। এই প্ৰতিষ্ঠানটো এটা হিতাধিকাৰী কোম্পানী।

ইয়াৰ পঞ্জীভুক্ত ঠিকনা দক্ষিণ দিল্লীৰ নিউ ফ্ৰেণ্ডছ কলনিৰ এটা আৱাসিক ভৱন। এই ভৱনটো তেজস্বী যাদৱে ব্যৱহাৰ কৰে। ভূমিৰ বিনিময়ত চাকৰিৰ এই গোচৰ লালু প্ৰসাদ যাদৱ কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী হিচাপে দায়িত্বত থকাৰ পৰা আৰম্ভ হৈছিল।

২০০৪ ৰ পৰা ২০০৯ লৈ লালু প্ৰসাদ যাদৱ ৰে'লমন্ত্ৰী হিচাপে থকাৰ সময়তে ভাৰতীয় ৰে'লৱেৰ গ্ৰুপ ডি পদত তেওঁ বহু লোকক নিযুক্তি প্ৰদান কৰিছিল। আৰু বিনিময়ত এই চাকৰি প্ৰাৰ্থীসকলে তেওঁলোকৰ ভূমি লালু প্ৰসাদ যাদৱৰ পৰিয়ালৰ সদস্যৰ নামৰ লগতে এ কে ইনফোচিষ্টেমছ প্ৰাইভেট লিমিটেডৰ নামলৈ হস্তান্তৰ কৰিছিল।

অভিযোগ অনুসৰি এই নিযুক্তিৰ বাবে কোনো বিজ্ঞাপন প্ৰকাশ কৰা হোৱা নাছিল। কিন্তু পাটনাৰ কিছু বাসিন্দাই মুম্বাই, জবলপুৰ, কলকাতা, জয়পুৰ, হাজিপুৰ আদিৰ বিভিন্ন অঞ্চলত নিযুক্তি লাভ কৰিছিল।

এওঁলোকে লালু প্ৰসাদ যাদৱৰ পৰিয়ালৰ সদস্যক যি ভূমি হস্তান্তৰ কৰিছিল তাৰ বাবে ধন লৈছিল যদিও সেয়া আছিল সেই সময়ৰ ভূমিৰ প্ৰচলিত বজাৰ মূল্যতকৈ বহু কম।

ভূমিৰ বিনিময়ত চাকৰি গোচৰত গ্ৰেপ্তাৰ লালু,তেজস্বীৰ সহায়ক: বিপদত দুই নেতা...
পুনৰ দিল্লীত আহিল ভূমিকম্পঃ চিন্তিত সৰ্বসাধাৰণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in