ডিজিটেল ডেস্কঃ শেহতীয়াকৈ অহা এজাক ঘূৰ্ণী বতাহ। নাম 'বিপৰ্যয়'। এই ঘূৰ্ণী বতাহজাকে নিদ্ৰা হৰণ কৰিছে গুজৰাটবাসীৰ। ৰাজ্যবাসীৰ বাবে ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে।
যিকোনো মুহুৰ্ততে গুজৰাটৰ উপকূলীয় অঞ্চলসমূহত হ'ব পাৰে ভূমিস্খলন। বিশেষজ্ঞই মন্তব্য কৰা অনুসৰি 'বিপৰ্যয়' নামৰ ঘূৰ্ণী বতাহজাক ইমানেই ভয়াৱহ যে নিমিষতে ই সকলো তচনচ কৰি দিব পাৰে।
এই বতাহজাক তুলনামূলকভাৱে আন বতাহতকৈ বৰ শক্তিশালী। সাগৰীয় অঞ্চলসমূহৰ বাবে ই অতি স্পৰ্শকাতৰ। কিয়নো ই সাগৰৰ ওপৰত বেছিকৈ বলে। যাৰ ফলত ধুমুহাৰ গতি প্ৰবল হৈ উপকূলীয় অঞ্চলসমূহ ক্ষতি কৰাৰ উপৰিও ভূমিস্খলনৰ দৰে দুৰ্যোগ সংঘটিত কৰিব পাৰে।
গুজৰাটৰ কচ্ছ, দ্বাৰকা, পোৰবন্দৰ, জামনগৰ আৰু মৰবি জিলাৰ কেতবোৰ অঞ্চলত 'বিপৰ্যয়ে' ক্ষতি কৰাৰ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰে। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা সতৰ্কবাণীৰ ভিত্তিতেই মঙলবাৰে উক্ত অঞ্চলসমূহৰ ৰাইজে পৰিত্ৰাণৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
ইয়াৰোপৰি ভাৰতীয় উপকূলৰক্ষী বাহিনীয়েও সাম্ভাৱ্য সমস্যাৰ সতে মুখামুখি হ'বলৈ সম্পূৰ্ণৰূপে সাজু হোৱা বুলি উপ-সঞ্চালক মনীষ পাঠকে জানিবলৈ দিয়ে। আনহাতে,সাম্ভাব্য বিপদৰ বাবেই পশ্চিম সীমান্ত ৰে'লৱেৰ অন্তৰ্গত ৬৭ খন ৰে'ল বাতিল কৰা হৈছে বুলি জানিব পৰা গৈছে।
Also Read: "বিপৰ্যয়ে" ধ্বংসলীলা চলোৱাৰ আশংকা তিনিখনকৈ ৰাজ্যত, সাৱধানবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ