ডিজিটেল ডেস্ক : অত্যাধিক জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ ফলত ক্ৰমাৎ ভূ-গৰ্ভলৈ সোমাই গৈছে উত্তৰাখণ্ডৰ যোশীমঠ । চৰকাৰে নিৰ্দেশনা জাৰি কৰিছিল সকলো ধৰণৰ নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰ । অতি শীঘ্ৰেই ভূ-সমাধিত পৰিণত হোৱাৰ সম্ভাৱনা আছে চহৰখনৰ । একেই আশংকাত ভূগিছে সমীপৱৰ্তী নাইনিতাল চহৰেও ।
উল্লেখ্য যে, ৰাজ্যখনত বৰ্তমান ২৬ টা কৈ জলবিদ্যুৎ প্ৰকল্প নিৰ্মীয়মাণ অৱস্থাত অাছে । পাহাৰীয়া এলেকাত খৰস্ৰোতা নৈত বান্ধ দিবলৈ গৈ এই সংকট মাতি আনিলে চৰকাৰ আৰু ব্যক্তিগত প্ৰতিষ্ঠান সমূহে ।
কিন্তু উল্লেখনীয় বিষয়টো হ'ল, ইমানৰ পাছতো থমকি ৰোৱা নাই মুনাফা লাভৰ লোভ । যি সময়ত সমগ্ৰ চহৰখন সমাধিলৈ ৰূপান্তৰিত হোৱাৰ পূৰ্বেই চৰকাৰে বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল সকলো নিৰ্মাণ কাৰ্য সেই সময়তেই নিশাৰ অন্ধকাৰৰ গইণা লৈ যোশীমঠ আৰু বদ্ৰীনাথৰ মাজৰ পাহাৰীয়া অঞ্চলত দেখা গ'ল খনন কাৰ্য । প্ৰকাণ্ড শিল খন্দা মেছিনে খান্দি গৈছিল পাহাৰ । প্ৰায় ১ কিলোমিটাৰ দূৰলৈ এই খনন কাৰ্যৰ শব্দ যোৱাৰ পাছতো নীৰৱ চৰকাৰ ।
এতিয়া প্ৰশ্ন হয়, চৰকাৰী আশীৰ্বাদৰে পুষ্ট নেকি এই সমূহ নিৰ্মাণকাৰী প্ৰতিষ্ঠান । সম্পূৰ্ণ এখন চহৰক বিপদলৈ ঠেলি পঠিয়াব পৰাকৈ এনে কি গুৰুত্বপূৰ্ণ নিৰ্মাণকাৰ্য চলাব লাগে নিশাৰ অন্ধকাৰত ?
আৰু পঢ়ক : অচিৰেই ভূ-সমাধিস্থ হ'ব উত্তৰকাশী-নাইনিতাল নগৰী...