ডিজিটেল ডেস্কঃ মাতৃক অত্যাচাৰৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল অধিবক্তা পুত্ৰ। পত্নী আৰু পুত্ৰৰ সৈতে মিলি বৃদ্ধা মাতৃক অকথ্য নিৰ্যাতন চলোৱাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে গ্ৰেপ্তাৰ হয় অভিযুক্ত।
পঞ্জাৱৰ ৰূপনগৰত সংঘটিত হৈছে এই ঘটনা। ৭৩ বছৰীয়া মহিলা আশাৰাণী তেওঁৰ পুত্ৰ, কন্যা আৰু বোৱাৰীৰ সৈতে একেলগে থাকে। কিছুদিন পূৰ্বে মৃত্যু হৈছিল তেওঁৰ স্বামীৰ।
আশাৰাণীয়ে কন্যা দীপশিখাক কৈছিল যে তেওঁক তেওঁৰ পুত্ৰ অংকুৰ বৰ্মা আৰু বোৱাৰী সুধাই মাৰপিট কৰে। তাৰপাছতে দীপশিখাই আশাৰাণীৰ কোঠাত থকা চিচিটিভিৰ ফুটেজ লাভ কৰিবলৈ সক্ষম হয়।
এটা ভিডিঅ'ত দেখিবলৈ পোৱা যায় যে আশাৰাণীৰ নাতিয়েকে তেওঁৰ বিচনাত পানী ঢালি দিয়ে। তাৰপাছতে পিতৃ-মাতৃক মাতি আনি আশাৰাণীৰ বিৰুদ্ধে অভিযোগ কৰে। যাৰ বাবে অংকুৰ আৰু সুধাই তেওঁক মাৰপিট কৰে। পিঠিত ঘূচিয়াই, বাৰে বাৰে প্ৰহাৰ কৰে। সেই সময়ত চিঞৰি আছিল মহিলাগৰাকীয়ে।
অলপ সময়ৰ পাছত অংকুৰ বাহিৰলৈ ওলাই গৈ পুনৰ আহি মাতৃক প্ৰহাৰ কৰে। তেওঁৰ পত্নী আৰু পুত্ৰ কোঠাৰ পৰা ওলাই যায় যদিও তেওঁ মাতৃক প্ৰহাৰ কৰিয়েই থাকে। এই ভিডিঅ' কেইটা ১৯ ছেপ্টেম্বৰ, ২১ অক্টোবৰ আৰু ২৪ অক্টোবৰৰ।
এই সমগ্ৰ ঘটনা সন্দৰ্ভত ২৮ অক্টোবৰত আশাৰাণীৰ কন্যাই আৰক্ষীক অভিযোগ দাখিল কৰে। পাছত আৰক্ষী আহি আশাৰাণীক উদ্ধাৰ কৰে।
ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পাষাণ পুত্ৰক। ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।
Also Read: নলবাৰীত নিজ বাসগৃহত উদ্ধাৰ যুৱকৰ মৃতদেহ, হত্যাৰ সন্দেহ