অভিমন্যুক চক্ৰবেহুত বন্দী কৰাৰ দৰেই বিজিপি চৰকাৰে সমগ্ৰ দেশক বন্দী কৰিছে

সংসদৰ বাজেত অধিবেশনত ৰাহুল গান্ধীৰ তীব্ৰ সমালোচনা
অভিমন্যুক চক্ৰবেহুত বন্দী কৰাৰ দৰেই বিজিপি চৰকাৰে সমগ্ৰ দেশক বন্দী কৰিছে
অভিমন্যুক চক্ৰবেহুত বন্দী কৰাৰ দৰেই বিজিপি চৰকাৰে সমগ্ৰ দেশক বন্দী কৰিছে
Published on
Updated on

ডিজিটেল ডেস্কঃ 'মহাভাৰতত যিদৰে অভিমন্যুক চক্ৰবেহুত বন্দী কৰি হত্যা কৰিছিল ঠিক সেইদৰেই সমগ্ৰ ভাৰতকে চক্ৰবেহুত বন্দী কৰিছে বিজেপি চৰকাৰে।' সংসদত চলি থকা বাজেট অধিবেশনত ভাষণ দিয়াৰ সময়ত আজি এইদৰেই বিৰোধী নেতা ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰক সমালোচনা কৰিলে।

ৰাহুলৰ স্পষ্ট অভিযোগ মোডীৰ কাৰ্যাকালত মন্ত্ৰীৰ পৰা আৰম্ভ কৰি কৃষক, ভোটাৰ নিবনুৱা সকলোৱেই ভীতিগ্ৰস্ত হৈ আছে। সংসদত ভাষণ দিয়াৰ সময়ত ৰাহুলে কয়, হাজাৰ বছৰ পূৰ্বে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত অভিমন্যু নামৰ এজন যুৱকক চক্ৰবেহুত বন্দী কৰি ৬ জনে মিলি হত্যা কৰিছিল। মই সেই চক্ৰবেহুক লৈ কিছু অধ্যয়ন কৰিছোঁ। জানিবলৈ পাৰিছোঁ এই চক্ৰবেহুৰ আন এটা নাম পদ্মবেহু। পদমু ফুলৰ দৰেই আঁকাৰ হোৱাৰ বাবেই ইয়াক পদ্মবেহু বুলি কোৱা হয়। কিন্তু একবিংশ শতিকাত এক নতুন চক্ৰবেহু তৈয়াৰ কৰা হৈছে। এইটোও পদুম ফুলৰ আঁকাৰৰ। প্ৰধানমন্ত্ৰীয়ে ইয়াক নিজৰ বুকুত লৈ ফুৰে। এই চক্ৰবেহু ব্যৱহাৰ কৰা হৈছে দেশৰ কৃষকসকলৰ বিৰুদ্ধে, মধ্যমীয়া ব্যৱসায়ী, অগ্নিবীৰ, শিক্ষাৰ্থী, নিবনুৱা যুৱকসকলৰ বিৰুদ্ধে। আজিৰ এই চক্ৰবেহুতো দ্ৰোণাচাৰ্য, কৰ্ণ, কৃতবৰ্মা, শকুনি, কৃপাচাৰ্য, অশ্বত্থমাৰ দৰে ৬ জন আছে। বৰ্তমান এই চৰিত্ৰসমূহ হৈছে নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, মোহন ভগৱত, অজিত ডোভাল, আম্বানী আৰু আদানি।

ৰাহুলে কেন্দ্ৰীয় বাজেটক সমালোচনাৰে পুনৰ কয় "কোৰোনাৰ সময়ত দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায় সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। ফলস্বৰূপে, দেশত নিবনুৱাৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। বিত্ত মন্ত্ৰী ইয়াত বহি আছে, দেশৰ নিবনুৱাক ৰক্ষা কৰিবলৈ তেওঁ কি কৰিছে?  

ৰাহুলে বিত্তমন্ত্ৰীক উদ্দেশ্যি পুনৰ কয়, আপুনি বাজেটত ইণ্টাৰ্নশ্বিপৰ কথা উল্লেখ কৰিছে। যি কেৱল কৌতুকৰ বাহিৰে আন একো নহয়। প্ৰথমে ভৰি ভাঙ এতিয়া তেওঁ বেণ্ডেজ লগোৱাৰ চেষ্টা কৰিছে।

ৰাহুল কয়, প্ৰশ্নকাকত ফাদিল দেশৰ শিক্ষাৰ্থীসকলৰ বাবে এক ডাঙৰ সমস্যা। আপুনি য'লৈকে যাব তাতেই  নিবনুৱা পাব। প্ৰশ্ন কাকত ১০ বছৰত ৭০ বাৰ ফাদিল হৈছে। প্ৰথমবাৰৰ বাবে দেশৰ সেনা অগ্নিবীৰ নামৰ চক্ৰবেহুত আৱদ্ধ হৈ আছে। এই বাজেটত অগ্নিবীৰৰ পেঞ্চনৰ বাবে এটা টকাও আৱণ্টন কৰা হোৱা নাই।

তেওঁ কয়, "দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ক লুণ্ঠন কৰিবলৈ বিমুদ্ৰাকৰণ, জিএছটি আৰু টেক্সৰ সন্ত্ৰাসবাদ আৰম্ভ কৰা হৈছে। এইটো আন এটা চক্ৰ। আপোনালোকৰ নীতিয়ে কোৰোনাৰ সময়ত ডাঙৰ ব্যৱসায়ীসকলক সহায় কৰাৰ সময়ত ক্ষুদ্ৰ ব্যৱসায়ীক ধ্বংস কৰিছে। ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ৰ ওপৰত টেক্সৰ সন্ত্ৰাসবাদ চলি আছে। কিন্তু চৰকাৰে বাজেটত ইয়াক ৰোধ কৰিবলৈ কোনো পদক্ষেপ লোৱা নাই।

এইদৰেই ৰাহুল গান্ধীয়ে আজি সংসদত বাজেট বিতৰ্কত ৪৫ মিনিট সময়ৰ ভাষণ ৰাখি কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে। অৱশ্যে ৰাহুলে এইদৰে সমালোচনা কৰাৰ সময়তে বাৰে বাৰে প্ৰত্যাহ্বানৰো সন্মুখীন হয়।

বিশেষকৈ মোহন ভগৱত, অজিত দোভাল আম্বানী, আদানিৰ নাম ৰাহুলৰ মুখত উচ্চাৰণ হোৱাৰ সময়তে অধ্যক্ষ ওম বিৰলাই হস্তক্ষেপ কৰে। তেওঁ যিসকল লোক সদনৰ সদস্য নহয় তেওঁলোকৰ নাম লোৱাত বাধা প্ৰদান কৰে। সমান্তৰালকৈ শাসক দলৰ সদস্য সকলেও হুলুস্থুলীয়া পৰিবেশৰ সূচনা কৰে। তথাপিও ৰাহুল আদানী, আম্বানি আৰু অজিত দোভালৰ নাম তেওঁৰ ভাষণৰ পৰা প্ৰত্যাহাৰ নকৰিলে।

অভিমন্যুক চক্ৰবেহুত বন্দী কৰাৰ দৰেই বিজিপি চৰকাৰে সমগ্ৰ দেশক বন্দী কৰিছে
এইবাৰ ৰাইজৰ পক্ষত মুখ্যমন্ত্ৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in