দিনজোৰা কাৰ্যসূচীৰে আজি মণিপুৰলৈ আহিব বিৰোধী দলপতি ৰাহুল গান্ধী

দিনজোৰা কাৰ্যসূচীৰে আজি মণিপুৰলৈ আহিব বিৰোধী দলপতি ৰাহুল গান্ধী
Published on
Updated on

ডিজিটেল ডেস্ক : আজি মণিপুৰলৈ আহিব কংগ্ৰেছ যুৱৰাজ তথা সাংসদ ৰাহুল গান্ধী। অশান্ত মণিপুৰৰ সাম্প্ৰতিক পৰিৱেশৰ বুজ লোৱাৰ উপৰি আশ্ৰয় শিবিৰত আশ্ৰয়লৈ থকা লোকসকলৰো খা-খবৰ ল’ব সাংসদ ৰাহুল গান্ধীয়ে।

সোমবাৰে পুৱাৰ ভাগত ৰাহুল গান্ধীয়ে দিল্লীৰ পৰা উৰা মাৰি শিলচৰ বিমান বন্দৰত অৱতৰণ কৰিব। ইয়াৰ পাছত স্থলপথেৰে কাছাৰ জিলাৰ সীমান্তত থকা মণিপুৰৰ জিবিৰাম জিলা অভিমুখে যাত্ৰা কৰিব। তাত থকা আশ্ৰয় শিবিৰবোৰ পৰিদৰ্শন কৰিব যুৱৰাজ ৰাহুলে।

ইয়াৰ পাছতে জিবিৰামৰ পৰা পুনৰ শিলচৰলৈ আহি উৰা মাৰিব ইম্ফল অভিমুখে। ইম্ফলৰ পৰা তেঁও চূড়াচান্দপুৰ আৰু মৈৰাং অঞ্চলত গৈ লোকসকলৰ সৈতে মত-বিনিময় কৰিব। ইয়াৰ পাছতে তেঁও দিল্লী অভিমুখে উভতি যাত্ৰা কৰিব।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বিৰোধী দলপতিৰ দায়িত্ব লোৱাৰ পাছত এয়া তেঁওৰ প্ৰথম মণিপুৰ ভ্ৰমণ। অৱশ্যে ইয়াৰ আগেয়েও তেঁও মণিপুৰলৈ আহি হিংসাজৰ্জৰ পৰিস্থিতিৰ বুজ লৈছিল।

ইয়াৰোপৰি চলিত বৰ্ষতে ন্যায় যাত্ৰাৰ সময়ছোৱাত তেঁও মণিপুৰ ভ্ৰমণ কৰিছিল।

দিনজোৰা কাৰ্যসূচীৰে আজি মণিপুৰলৈ আহিব বিৰোধী দলপতি ৰাহুল গান্ধী
কংকাল-আৱৰ্জনাৰে ভৰি পৰিছে মাউণ্ট এভাৰেষ্ট

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in