কেন্দ্ৰৰ সিদ্ধান্ত! ৩৫ বছৰলৈ লীজত দিয়া হ'ব ৰে'লৱেৰ মাটি

এটাৰ পাছচত আনটো ৰাজহুৱা সম্পদ ব্যক্তিগত খণ্ডৰ হাতত গটাই দিয়াৰ প্ৰতিযোগিতাত নামিছে চৰকাৰ। এইবাৰ ৰে'ল বিভাগৰ মাটি ৫ বছৰৰ ঠাইত ৩৫ বছৰৰ বাবে লীজত দিয়াৰ বুধবাৰে সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় কেবিনেটে।

author-image
Asomiya Pratidin
New Update
কেন্দ্ৰৰ সিদ্ধান্ত! ৩৫ বছৰলৈ লীজত দিয়া হ'ব ৰে'লৱেৰ মাটি

railway

ডিজিটেল ডেস্ক: এটাৰ পাছচত আনটো ৰাজহুৱা সম্পদ ব্যক্তিগত খণ্ডৰ হাতত গটাই দিয়াৰ প্ৰতিযোগিতাত নামিছে চৰকাৰ। এইবাৰ ৰে'ল বিভাগৰ মাটি ৫ বছৰৰ ঠাইত ৩৫ বছৰৰ বাবে লীজত দিয়াৰ বুধবাৰে সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় কেবিনেটে।কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত।

চৰকাৰে ২০২১ চনত গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী গতি শক্তি ফ্ৰেমৱৰ্ক প্ৰকল্পৰ সফল ৰূপায়ণত সহায়ক হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰে। উক্ত প্ৰকল্পৰ অধীনত দেশৰ ৩০০ কাৰ্গো টাৰ্মিনেলৰ অহা ৫ বছৰৰ ভিতৰত বিকাশ সাধন কৰা হ'ব।

এই প্ৰকল্পৰ অধীনত ১৬ টা মন্ত্ৰালয় সামৰি এখন মঞ্চ গঠন কৰা হৈছে। এই মঞ্চত ৰে'ল, অসামৰিক বিমান পৰিবহন, জাহাজ আৰু পথ পৰিবহন মন্ত্ৰালয়ো আছে। উল্লেখ্য যে, এই আঁচনি ৰূপায়ণৰ ফলত ৯০ দিনৰ ভিতৰত প্ৰায় ১.২ লাখ চাকৰি সৃষ্টি হ'ব।

ৰে'লৰ মাটি লীজত লোৱা সকলৰ সুবিধা হোৱাকৈ ঘাইকৈ আন্ত:গাঁথনিৰ কাম শক্তিশালী কৰাৰ স্বাৰ্থত লীজৰ সময় সীমা ৩৫ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

india cabinet