যোৱা মাহত চাৰিজন, চলিত সপ্তাহত এজন শিক্ষাৰ্থীৰ চিতা বাঘৰ আক্ৰমণত মৃত্যুঃ বাতিল পৰীক্ষা, বন্ধ বিদ্যালয়...

নৰখাদক চিতা বাঘক ধৰিবলৈ ড্ৰোণৰ সহায়, শ্বুটাৰ নিয়োগ

author-image
Asomiya Pratidin
New Update
যোৱা মাহত চাৰিজন, চলিত সপ্তাহত এজন শিক্ষাৰ্থীৰ চিতা বাঘৰ আক্ৰমণত মৃত্যুঃ বাতিল পৰীক্ষা, বন্ধ বিদ্যালয়...

যোৱা মাহত চাৰিজন, চলিত সপ্তাহত এজন শিক্ষাৰ্থীৰ চিতা বাঘৰ আক্ৰমণত মৃত্যুঃ বাতিল পৰীক্ষা, বন্ধ বিদ্যালয়...

ডিজিটেল ডেস্কঃ বিৰল চিতা বাঘৰ আতংকৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰা হৈছে প্ৰাথমিক বিদ্যালয়সমূহ। চলিত সপ্তাহত চিতা বাঘৰ আক্ৰমণত এটি ১৩ বছৰীয়া কিশোৰৰ মৃত্যুৰ পাছতে শিক্ষাৰ্থীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় খুলিবলৈ নাৰাজ শিক্ষকসকল।

যাৰ বাবে জিলা প্ৰশাসনেও অনিৰ্দিষ্ট কাললৈ বিদ্যালয়সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰাৰম্ভিকতে তিনিদিনৰ বাবে বিদ্যালয়সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও অভিভাৱকসকলে যেতিয়ালৈকে নৰখাদক চিতা বাঘক ধৰিব নোৱাৰে তেতিয়ালৈকে শিক্ষাৰ্থীক বিদ্যালয়লৈ প্ৰেৰণ নকৰে বুলি জনাই দিয়াৰ পাছতে অনিৰ্দিষ্টকাললৈ বিদ্যালয় বন্ধ ৰখাৰ লগতে পৰীক্ষাসমূহো বাতিল কৰা হৈছে।

এই ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডত। শেহতীয়াকৈ ৰাজস্থান, মধ্যপ্ৰদেশৰ পাছত উত্তৰাখণ্ডত নৰখাদক চিতা বাঘে আতংকৰ সৃষ্টি কৰিছে। যোৱা মাহত তেহৰি জিলাত চিতা বাঘৰ আক্ৰমণত ৪ শিক্ষাৰ্থীৰ মৃত্যু হৈছিল। তাৰ পাছত চলিত সপ্তাহতে মৃত্যু হৈছে এগৰাকী ১৩ বছৰীয়াা শিক্ষাৰ্থীৰ।

এই সন্দৰ্ভত জিলা প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছে যে, যোৱা ৪ মাহত চিতা বাঘৰ আক্ৰমণত ৪ শিক্ষাৰ্থীৰ মৃত্যুত ভোদগাওঁ, ফুয়ালগাওঁ, মাহাৰগাওঁ আৰু আন্থালগাঁৱত চাৰিখন বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰথমে তিনিদিনৰ বাবে বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও এতিয়া শিক্ষাৰ্থীৰ সুৰক্ষা আৰু অভিভাৱকৰ দাবীত অনিৰ্দিষ্ট কালৰ বাবে প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ কৰা হৈছে।

অৱশ্যে ইয়াৰ উচ্চ মাধ্যমিক বিদ্যালয়সমূহ খোলা আছে। এই বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ সুৰক্ষাৰ বাবে পৰ্যাপ্ত বন কৰ্মী নিয়োগ কৰা হৈছে। তাৰোপৰি নৰখাদক চিতা বাঘ ধৰিবলৈ বন বিভাগে গাওঁসমূহত অভিযান চলাইছে। ড্ৰোণৰ জৰিয়তে নৰখাদকৰ অৱস্থান পৰীক্ষা কৰা হৈছে। নিয়োগ কৰা হৈছে শ্বুটাৰ।

ইয়াৰ পূৰ্বে যোৱা ছেপ্টেম্বৰ মাহত চিতা বাঘৰ উপদ্ৰৱৰ বাবেই পৌৰি জিলাৰ দ্বাৰিখাল ব্লকৰ ৯ খনকৈ বিদ্যালয় বন্ধ দিয়া হৈছিল। ডেৰাডুনৰ এফ আৰ আই কেম্পাছো ৫ দিনৰ বাবে বন্ধ কৰা হৈছিল।

উত্তৰাখণ্ডৰ উপৰিও চলিত মাহতে ৰাজস্থানৰ উদয়পুৰত চিতা বাঘৰ আক্ৰমণত ৩ জন লোকৰ মৃত্যু হৈছিল। উত্তৰপ্ৰদেশৰ লখিমপুৰ জিলাৰ খেৰিত ২ জন লোকৰ অনুৰূপ কাৰণতে মৃত্যু হৈছিল। মধ্যপ্ৰদেশতো নৰখাদক চিতাৰ আক্ৰমণত এজনৰ মৃত্যু হোৱাৰ খবৰ প্ৰককাশ পাইছিল।

Also Read: আই পি এলৰ পূৰ্বে ঝাৰখণ্ডৰ ৰাজনীতিৰ পথাৰত নামিব ধোনি...

উত্তৰাখণ্ড বিদ্যালয় বন্ধ চিতা বাঘ