ভূমি কেলেংকাৰী : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াক আৰক্ষীৰ জেৰা  

ভূমি কেলেংকাৰী : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াক আৰক্ষীৰ জেৰা  

author-image
Asomiya Pratidin
New Update
ভূমি কেলেংকাৰী : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াক আৰক্ষীৰ জেৰা  

ডিজিটেল ডেস্ক : ভূমি কেলেংকাৰীৰ অভিযোগত আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া। বুধবাৰে মুখ্যমন্ত্ৰীগৰাকীক বাংগালুৰুৰ লোকাযুক্ত আৰক্ষীয়ে প্ৰায় দুঘণ্টা ধৰি সোধা- পোছা কৰে।

মুখ্যমন্ত্ৰীগৰাকীক চলোৱা জেৰাৰ সময়ত আৰক্ষীয়ে ভিডিঅ’ টেপ কৰি তেঁও দিয়া ভাষ্য ৰেকৰ্ড কৰি লয়। ইয়াৰোপৰি এই সন্দৰ্ভত আৰক্ষীয়ে এখন প্ৰতিবেদন প্ৰস্তুত কৰি ২৪ ডিচেম্বৰত আদালতত দাখিল কৰাৰ কথাও জানিবলৈ দিয়ে।

জেৰাৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেঁওক সোধা প্ৰতিটো প্ৰশ্ন সঠিকভাৱে আৰু সুস্থ বিবেকেৰে আৰক্ষীক উত্তৰ দিয়া বুলি মন্তব্য কৰে। লগতে ভূমি কেলেংকাৰী সন্দৰ্ভত আৰক্ষীক পূৰ্ণ সহযোগিতা মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা বুলি মন্তব্য কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২৮ ছেপ্টেম্বৰত লোকায়ুক্ত আৰক্ষীয়ে মাইচুৰু নগৰ উন্নয়ন বিভাগৰ (মুদা) অবৈধভাৱে মাটি বিতৰণ কৰাৰ অভিযোগত সিদ্ধাৰামাইয়া আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে পৃথকে পৃথকে গোচৰ ৰুজু কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী পাৰ্বতী, ভায়েক মল্লিকাৰ্জুন স্বামী আৰু আন এজনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল। সেয়ে আজি মুখ্যমন্ত্ৰীগৰাকীক জেৰা কৰে আৰক্ষীয়ে।

ইতিমধ্যে উক্ত গোচৰত অভিযুক্ত সিদ্ধিৰামাইয়াৰ পত্নী পাৰ্বতীক আৰক্ষীয়ে ২৫ অক্টোবৰৰ দিনাই সোধা- পোছা কৰা বুলি জানিবলৈ দিয়ে। একেদৰে ৪ নৱেম্বৰৰ দিনা মুখ্যমন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰা হৈছিল এখন জাননী। এই জাননীৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীগৰাকী ৬ নবেম্বৰ বুধবাৰে আৰক্ষী থানাত উপস্থিত হৈ ঘটনা সন্দৰ্ভত নিজৰ ভাষ্য প্ৰদান কৰে।

উল্লেখযোগ্য যে আৰ টি আই কৰ্মী স্নেহামোয় কৃষ্ণাই ভূমি কেলেংকাৰী সম্পৰ্কত দাখিল কৰা এক প্ৰতিবেদনৰ ভিত্তিত মুখ্যমন্ত্ৰীসহ তেঁওৰ পৰিয়ালৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিছিল। তাৰোপৰি বিগত আগষ্ট মাহত ৰাজ্যপাল থাৱাৰচান্দ গেহলটে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ বিচাৰত অনুমোদন জনাইছিল।

অৱশ্যে ছেপ্টেম্বৰৰ আৰম্ভণিতে কৰ্ণাটক উচ্চ ন্যায়ালয়ে এই বিচাৰ স্থগিত ৰাখিছিল আৰু ইয়াক এম পি-এম এল এ আদালতলৈ ঘূৰাই পঠিয়াই দিছিল। কিন্তু ইয়াৰ পিছতে, বাংগালুৰুৰ বিশেষ আদালতে মাইচুৰুৰ লোকায়ুক্ত আৰক্ষীক অভিযোগটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে।

Also Read: সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী : বোকাখাত জাতীয় বিদ্যালয়ত 'গীত-মাতৰ আবেলি ২০২৪' শীৰ্ষক অনুষ্ঠান

karnataka Siddaramaiah