লোকায়ুক্তৰ অভিযান : ১৩চৰকাৰী বিষয়াৰ পৰা উদ্ধাৰ ৩ কেজি সোণ, ২৫ লাখৰ হীৰা...

এই অভিযানত ৬ লাখ টকাৰ নগদ ধন, ৩ কেজি সোণ, ২৫ লাখ টকাৰ হীৰা, ৫ লাখ টকাৰ প্ৰাচীন সামগ্ৰী উদ্ধাৰ কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
লোকায়ুক্তৰ অভিযান : ১৩চৰকাৰী বিষয়াৰ পৰা উদ্ধাৰ ৩ কেজি সোণ, ২৫ লাখৰ হীৰা...

ডিজিটেল ডেস্কঃ মঙলবাৰে কৰ্ণাটক লোকায়ুক্তই সমগ্ৰ ৰাজ্যৰ ১৩ জন চৰকাৰী বিষয়াৰ ৬৩ টা স্থানত অভিযান চলায়। এই অভিযানত ৬ লাখ টকাৰ নগদ ধন, ৩ কেজি সোণ, ২৫ লাখ টকাৰ হীৰা, ৫ লাখ টকাৰ প্ৰাচীন সামগ্ৰী উদ্ধাৰ কৰা হৈছে বুলি লোকায়ুক্তৰ বিষয়াসকলে জানিবলৈ দিয়ে।

বিশেষ সূত্ৰই প্ৰদান কৰা তথ্য অনুসৰি, উক্ত ১৩ গৰাকী বিষয়াসকল অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰৰ সৈতে জড়িত আছিল। যাৰ পৰিপ্ৰেক্ষিতত বিষয়াকেইগৰাকীৰ মালিকীস্বত্বৰ অধীনত থকা ৬৩টা স্থানত কৰ্ণাটক লুকায়ুক্তই অভিযান চলায়।

ইয়াৰ পূৰ্বে ১৭ আগষ্টত কৰ্ণাটক লোকায়ুক্তই সমগ্ৰ কৰ্ণাটকৰ ৪৮টা স্থানত অভিযান চলাই বিষয়াসকলৰ দুৰ্নীতিৰ অভিযোগৰ তদন্ত কৰিছিল। বিদাৰ, ধৰৱাদ, কোদাগু, ৰাইচুৰ, দাৱংগেৰে, চিত্ৰদুৰ্গাকে ধৰি ৪৮টা স্থানত এই অভিযান চলোৱা হৈছিল।

Also Read: ভুৱা একাউন্টৰ সহায় লৈ ভাৰতৰ বিৰুদ্ধে অপ-প্ৰচাৰ চীনৰ

karnataka