প্ৰথমবাৰৰ বাবে লোকসভাত অনুষ্ঠিত হ'ব অধ্যক্ষৰ নিৰ্বাচন !

সংখ্যাগৰিষ্ঠতা হেৰুৱাই বিপদ বিজেপি
প্ৰথমবাৰৰ বাবে লোকসভাত অনুষ্ঠিত হ'ব অধ্যক্ষৰ নিৰ্বাচন !
প্ৰথমবাৰৰ বাবে লোকসভাত অনুষ্ঠিত হ'ব অধ্যক্ষৰ নিৰ্বাচন !
Published on
Updated on

ডিজিটেল ডেস্কঃ অষ্টাদশ লোকসভা নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ পিছতে এতিয়া চৰকাৰ গঠন কৰাৰ পাছত শক্তিশালী বিৰোধীৰ বাবে পদে পদে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। অষ্টাদশ লোকসভাৰ প্ৰথমখন বিশেষ অধিৱেশন ২৪ জুন, সোমবাৰৰ পৰা আৰম্ভ হৈছে।

আৰম্ভণিৰ দিনটোতে বিৰোধীয়ে নীট, নেট কেলেংকাৰীকে ধৰি একাধিক সমস্যাৰ বিষয়ত, সংবিধানৰ সুৰক্ষাৰ দাবীৰে প্ৰতিবাদ আৰম্ভ কৰিছে। ইয়াৰ মাজতে আকৌ এতিয়া লোকসভাৰ অধ্যক্ষক কেন্দ্ৰ কৰি বিজেপি তথা এন ডি এ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

মঙ্গলবাৰে চৰকাৰী পক্ষই পুনৰবাৰ ওম বিৰলাকে লোকসভাৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে। কিন্তু তেওঁক বিৰোধীয়ে সমৰ্থন কৰাৰ পৰিৱৰ্তে বিৰোধী শিবিৰৰ পৰাও প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

কংগ্ৰেছ সাংসদ কে সুৰেশে বিৰোধী শিবিৰৰ পৰা লোকসভাৰ অধ্যক্ষ পদৰ বাবে মঙ্গলবাৰেই মনোনয়ন দাখিল কৰিছে। যদিহে কে সুৰেশে মনোনয়ন প্ৰত্যাহাৰ নকৰে তেন্তে বুধবাৰে প্ৰথমবাৰৰ বাবে লোকসভাত অধ্যক্ষ পদৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন।

যদি সেয়াই হয় তেন্তে ভাৰতীয় ৰাজনীতিৰ ইতিহাসত এনে ঘটনা এয়াই প্ৰথম হ’ব। ইয়াৰ পূৰ্বে লোকসভাত অধ্যক্ষ পদৰ বাবে এবাৰো নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। লোকসভাৰ অধ্যক্ষ পদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এনে পৰিস্থিতিৰো কাৰণ আছে।

কংগ্ৰেছে দাবী কৰিছিল লোকসভাৰ উপাধ্যক্ষ বিৰোধী শিবিৰৰ পৰা মনোনীত কৰা হওক। চৰকাৰে মনোনীত কৰা অধ্যক্ষক সমৰ্থনৰ আঁৰত কংগ্ৰেছে চৰ্ত আৰোপ কৰিছিল উপাধ্যক্ষ বিৰোধী সাংসদৰ মাজৰ পৰা মনোনীত কৰক।

ৰাহুল গান্ধীয়ে অভিযোগ কৰি কয় যে, মল্লিকাৰ্জুন খাৰ্গেয়ে এই বিষয়ে ৰাজনাথ সিঙক অৱগত কৰিছিল যদিও ৰাজনাথ সিঙে এই বিষয়ত পৰৱৰ্তী সময়ত ফোন কৰি জনাব বুলি কয়। কিন্তু পৰৱৰ্তী সময়ত তেওঁ ফোন নকৰিলে।

অৱশ্যে ৰাহুল গান্ধীৰ এই অভিযোগ প্ৰত্যাখ্যান কৰিছে ৰাজনাথ সিঙে। কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, সোমবাৰৰ পৰা মঙ্গলবাৰে পুৱালৈকে খাৰ্গেৰ সৈতে তেওঁৰ তিনিবাৰ কথা হৈছে। অৱশ্য তেওঁ কি বিষয়ত কথা পাতিছে সেই কথা ৰাজহুৱা কৰা নাই।

ৰাহুলৰ অভিযোগ ফোন কৰিম বুলি কৈয়ো ৰাজনাথ সিঙে ফোন নকৰি অপমান কৰিছে। ৰাজনাথ সিঙে এই অভিযোগ নস্যাত কৰি পুনৰ কয় যে, তেওঁৰ মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে কথা পাতিবলৈ বিচাৰিছিল যদিও তেওঁ ব্যস্ত থকাত কে চি বেণুগোপালৰ সৈতে কথা পাতে। কিন্তু তেওঁলোকে আৰোপ কৰা চৰ্ত সলনি কৰিবলৈ সাজু নহ’ল।

কংগ্ৰেছে বিচাৰিছিল অধ্যক্ষৰ পূৰ্বে উপাধ্যক্ষৰ নাম ঠিৰাং কৰা হওঁক। এনে খেলিমেলিৰ মাজতে কংগ্ৰেছ সাংসদ কে সুৰেশে মনোনয়ন দাখিল কৰাত এতিয়া লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন প্ৰায় নিশ্চিত হৈ পৰিছে।

প্ৰথমবাৰৰ বাবে লোকসভাত অনুষ্ঠিত হ'ব অধ্যক্ষৰ নিৰ্বাচন !
এন এইছ পি চিত পুনৰ বৃহৎ অঘটনঃ সুৰক্ষা বান্ধ চিঙি পাৱাৰ হাউচত সোমাল পানী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in