ভাৰতৰ বিভিন্ন চহৰত উপলব্ধ হ'ব লণ্ডন কফি !

ভাৰতৰ বিভিন্ন চহৰত উপলব্ধ হ'ব লণ্ডন কফি !

author-image
Asomiya Pratidin
New Update
ভাৰতৰ বিভিন্ন চহৰত উপলব্ধ হ'ব লণ্ডন কফি !

ডিজিটেল ডেস্ক: বিশ্বৰ প্ৰখ্যাত এটি কফি প্ৰতিষ্ঠান 'লণ্ডন কফি'। বিশ্বৰ ভালেসংখ্যক ব্যক্তিৰ বাবে লণ্ডন কফি এটা চিনাকী নাম। ১৯৭৫ চনতে ইংলেণ্ডৰ ৰাজধানী লণ্ডন চহৰত বেঞ্জামিন ফাৰ্ণাণ্ডেজে এই কফি প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল।

বিশ্ববাসীৰ মনত এই প্ৰতিষ্ঠানটিয়ে বিশেষ স্থান দখল কৰি আহিছে। সম্প্ৰতি বিশ্বৰ বিভিন্ন দেশত আছে ইয়াৰ শাখা প্ৰতিষ্ঠান। অনন্য কফি নিৰ্মাণৰ বাবে বিশ্বত লণ্ডন কফিৰ আছে এক সুকীয়া আসন।

চীন,জাপান,আমেৰিকা,ফ্ৰান্স,ইটালী আদিকে ধৰি বিভিন্ন দেশৰ ৩৯০ৰো অধিক স্থানত আছে লণ্ডন কফিৰ শাখা প্ৰতিষ্ঠান। সম্প্ৰতি ভাৰতবৰ্ষৰ জনসাধাৰণেও ল'ব পাৰিব লণ্ডন কফিৰ সোৱাদ।

প্ৰতিষ্ঠানটিয়ে ভাৰতৰ বাবে মুকলি কৰিছে বিশেষ সুবিধা। ভাৰতৰ কোনো উদ্যোগিয়ে যদি ইয়াৰ ফ্ৰেন্সাইজী ল'ব বিচাৰে তেন্তে ভাৰতৰ চহৰসমূহত ইয়াৰ শাখা খুলিব পাৰিব বুলি প্ৰতিষ্ঠানটিৰ শীৰ্ষ বিষয়াই উল্লেখ কৰে।

Also Read: বৰ্বৰ : আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে কিশোৰক

London coffee