জম্মু-কাশ্মীৰৰ যুৱকসকলক উচ্চ শিক্ষাত গুৰুত্ব দিবলৈ আহ্বান লেফটেনেণ্ট জেনেৰেল ঔজলাৰ

জম্মু-কাশ্মীৰৰ যুৱকসকলক উচ্চ শিক্ষাত গুৰুত্ব দিবলৈ আহ্বান লেফটেনেণ্ট জেনেৰেল ঔজলাৰ

author-image
Asomiya Pratidin
New Update
জম্মু-কাশ্মীৰৰ যুৱকসকলক উচ্চ শিক্ষাত গুৰুত্ব দিবলৈ আহ্বান লেফটেনেণ্ট জেনেৰেল ঔজলাৰ

ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে জম্মু-কাশ্মীৰত নিয়াই এক অভিযান চলাইছিল। ৰাজ্যখনৰ একাধিক স্থানত ভালেসংখ্যক নৱগঠিত সশস্ত্ৰ সংগঠনৰ সন্দেহজনক আশ্ৰয়স্থলীত নিয়াৰ এটি দলে অভিযান চলাইছিল।

নিয়াৰ এই অভিযানৰ কালছোৱাত উক্ত স্থানসমূহৰ পৰা ভালেখিনি আপত্তিজনক তথ্য পত্ৰ জব্দ কৰিছিল। এইধৰণৰ সংঠনসমূহে ৰাজ্যখনৰ একাংশ যুৱক-যুৱতীক বোমা-বাৰুদ আদি প্ৰস্তুত কৰা অথবা বন্দুক আদিৰ প্ৰশিক্ষণ দিয়া কৰ্মত নিয়োজিত কৰাৰ অভিযোগ উঠিছিল।

উল্লেখ্য যে,ৰেজিষ্টেন্স ফ্ৰণ্ট,লিবাৰেচন ফ্ৰণ্ট জম্মু-কাশ্মীৰ,মুজাহিদীন গাজৱাট-উল-হিন্দ,জম্মু আৰু কাশ্মীৰ স্বাধীনতা সংগ্ৰামী আদি সংগঠনৰ আশ্ৰয় শিবিৰৰ পৰা নিয়াই কেতবোৰ আপত্তিজনক তথ্যপাতি জব্দ কৰিছিল। এনেবোৰ ঘটনাৰ মাজতে ৰাজ্যখনত অনুপ্ৰবেশকাৰীৰ সন্দৰ্ভত মঙলবাৰে লেফটেনেণ্ট জেনেৰেল অমৰদীপ সিং ঔজলাই সংবাদ মাধ্যমৰ সন্মুখত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তেওঁ কয় যে, বৰ্তমান ৰাজ্যখনৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে। বৰ্তমানে কোনো ধৰণৰ অনুপ্ৰবেশ ৰাজ্যখনত হোৱা নাই। জি-২০ৰ সভা শৃংখলাবদ্ধভাৱে অনুষ্ঠিত কৰাৰ কথাও লেফটেনেণ্ট জেনেৰেলগৰাকীয়ে উল্লেখ কৰে।

ইয়াৰোপৰি জম্মু-কাশ্মীৰৰ যুৱকসকলক উচ্চ শিক্ষাত গুৰুত্ব দিবলৈ আহ্বান জনাই তেওঁ কয় ছাত্ৰ-ছাত্ৰীসকলে হিংসাত্মক কাৰ্য-কলাপত নিয়োজিত নহৈ উচ্চ শিক্ষাৰে শিক্ষিত হওঁক। শৈক্ষিক সংস্কাৰত গুৰুত্ব দিয়ক।

Also Read: দীৰ্ঘদিন ধৰি কাজিৰঙাত কাছ বিক্ৰী কৰিলে বনকৰ্মীয়ে, অৱশেষত গ্ৰেপ্তাৰ...

indian army jammu and kashmir