ডিজিটেল ডেস্কঃ চৰকাৰী চিকিৎসালয়ৰ খবৰে এতিয়া ব্যাথিত কৰি তুলিছে জনতাক। বিগত ৪৮ ঘন্টাত প্ৰাণ গ'ল প্ৰায় ৩১ জন লোকৰ। এই ঘটনা মহাৰাষ্ট্ৰৰ শংকৰৰাও চৱন চৰকাৰী চিকিৎসালয়ত সংঘটিত হৈছে।
বিগত ৪৮ ঘণ্টাত চৰকাৰী চিকিৎসা মহাবিদ্যালয়খনত মৃত্যুৰ সংখ্যা এতিয়া ৩১ লৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ১৬ টা শিশু আছে। অৱশ্যে এতিয়ালৈকে মৃত্যুৰ কাৰণ স্পষ্ট হোৱা নাই। কিন্তু এই মৃত্যুৰ বাবে স্বাস্থ্যখণ্ডক জগৰীয়া কৰিছে একাংশই।
চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে একাংশই সৰ্প দংশনৰ ফলত মৃত্যুক সাৱতি লৈছে আৰু বাকী সকলৰ অন্য বেমাৰত মৃত্যু হৈছে। তদুপৰি ৭০-৮০ কিলোমিটাৰ দূৰৰ পৰা ৰোগী আহে। আৰু বিগত কেইটামান দিনত ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে।
এই ঘটনাৰ পাছতেই এতিয়া উত্তপ্ত হৈ পৰিছে ৰাজ্যখনৰ ৰাজনীতি। কংগ্ৰেছে ইয়াৰ বাবে জগৰীয়া কৰিছে বিজেপিক। কংগ্ৰেছ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গে কয় যে, ঔষধ আৰু চিকিৎসাৰ অভাৱত এই ৰোগীসকলৰ মৃত্যু হৈছে। মহাৰাষ্ট্ৰৰ বিজেপি-শিৱসেনা চৰকাৰক আক্ৰমণ কৰি কংগ্ৰেছ প্ৰধানগৰাকীয়ে কয়, "ভুক্তভোগী সকলৰ পৰিয়াললৈ আমাৰ গভীৰ সমবেদনা, এনে ধৰণৰ বাৰে বাৰে সংঘটিত ঘটনাই ৰাজ্য চৰকাৰৰ স্বাস্থ্য ব্যৱস্থাৰ ওপৰত প্ৰশ্নবোধক চিহ্ন পেলাইছে। লগতে এই মৃত্যুৰ তদন্ত কৰি উচিত ব্যৱস্থা লোৱাৰ দাবী জনায়।
Also Read: আলফ(স্বাঃ)কেডাৰক মৃত্যুদণ্ডঃ চিন্তিত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং