সচিবালয়ৰ তৃতীয় মহলাৰ পৰা জাপ দিলে উপাধ্যক্ষসহ কেইবাজনো বিধায়ক, সাংসদে...

ধংগাৰ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে প্ৰতিবাত প্ৰতিবাদৰ ভয়ংকৰ ৰূপ
সচিবালয়ৰ তৃতীয় মহলাৰ পৰা জাপ দিলে উপাধ্যক্ষসহ কেইবাজনো বিধায়ক, সাংসদে...
সচিবালয়ৰ তৃতীয় মহলাৰ পৰা জাপ দিলে উপাধ্যক্ষসহ কেইবাজনো বিধায়ক, সাংসদে...
Published on
Updated on

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ সচিবালয়ত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। আজি সচিবালয়ৰ তৃতীয় মহলাৰ পৰা জাপ দিলে উপাধ্যক্ষসহ কেইবাজনো বিধায়ক আৰু সাংসদে।

জানিব পৰা মতে ৰাজ্যখনৰ ধংগাৰ সম্প্ৰদায়ৰ সংৰক্ষণৰ বিৰোধিতা কৰিবলৈ গৈয়ে সচিবালয়লৰ তৃতীয় মহলাৰ পৰা প্ৰথমে জাপ দিয়ে উপাধ্যক্ষ তথা এন চি পিৰ বিধায়ক নৰহৰি জিৰৱালে। তেওঁৰ উপৰিও অনুৰূপ ধৰণে জাপ দিয়ে বিজেপিৰ আদিবাসী সম্প্ৰদায়ৰ সাংসদ হেমন্ত ছাভ্ৰা আৰু বিধায়ক কিৰান লাহমাতেসহ কেইবাজনেও।

অৱশ্যে সচিবালয়ৰ নিৰ্মিয়মান এই অট্টালিকাত শ্ৰমিকৰ সুৰক্ষা তথা নিৰাপত্তাৰ বাবে আঁৰি থোৱা জালত পৰি তেওঁলোক ৰক্ষা পৰে। তাৰ পাছতে আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰে।

প্ৰকাশিত খবৰ মতে বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ধংগাৰ সম্প্ৰদায়ৰ ভোটৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক অনুসূচীত জনজাতিৰ স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে একনাথ সিন্দেৰ চৰকাৰে। এই সিদ্ধান্তৰ প্ৰতিবাদ কৰিছে আদিবাসী সম্প্ৰদায়ৰ বিধায়ক তথা সাংসদসকলে।

শুকুৰবাৰে বিধায়ক তথা উপাধ্যক্ষ নৰহৰি জিৰৱালে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি, চৰকাৰ বিৰোধী শ্লোগান দি সচিবালয়ৰ তৃতীয় মহলাৰ পৰা জাপ দিয়ে। তেওঁক দেখি পাছে পাছে জাপ দিয়ে সাংসদ হেমন্ত ছাভ্ৰা আৰু বিধায়ক কিৰান লাহমাতে, হিৰামন খোছকাৰ, ৰাজেশ পাটিলে।

ইয়াৰ পিছতে সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰে। জানিব পৰা মতে এইসকল বিধায়ক, সাংসদৰ ক্ষোভ দূৰ কৰিবলৈ আজিয়েই তেওঁলোকৰ লগত বৈঠকত বহিব মুখ্যমন্ত্ৰী একনাথ সিন্দে।

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত ধংগাৰ জনগোষ্ঠীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তেওঁলোকে বিগত দীৰ্ঘদিন ধৰি অনুসূচীত জনজাতিৰ মৰ্যাদা দাবীৰে আন্দোলন কৰি আহিছে।

এইবাৰ তেওঁলোকে স্পষ্টকৈ জনাই দিছে যদিহে তেওঁলোকক এছ টি মৰ্যাদা প্ৰদান কৰা নহয় তেন্তে আগন্তুক নিৰ্বাচনত একনাথ সিন্দে চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে ভোটদান কৰিব। সেয়ে নিৰ্বাচনী অংকৰ বাবেই একনাথ সিন্দে চৰকাৰে নিৰ্বাচনৰ প্ৰাকক্ষণত ধংগাৰ জনগোষ্ঠীয় লোকসকলক সন্তুষ্ট কৰিবলৈ তেওঁলোকৰ দাবী মানি লৈছে।

কিন্তু সিন্দে চৰকাৰৰ এই সিদ্ধান্তত চৰকাৰৰ ভিতৰতে অসন্তুষ্টিৰ সৃষ্টি হৈছে। একাংশই ইয়াৰ বিৰোধিতা কৰিছে। সেই বিৰোধিতাৰ ফলতেই আজিৰ এই ভয়ংকৰ ঘটনা সংঘটিত হয়।

অভিযোগ অনুসৰি এই বিষয়টোক লৈ যোৱা বুধবাৰে একনাথ সিন্দেৰ সৈতে আলোচনা কৰিবলৈ গৈছিল নৰহৰি জিৰৱালসহ কেইবাজনো আদিবাসী সম্প্ৰদায়ৰ বিধায়কে। কিন্তু তেওঁলোকক ৭ ঘণ্টা ধৰি অপেক্ষা কৰোৱায়ো মুখ্যমন্ত্ৰীয়ে সাক্ষাত নিদিলে। সেয়ে তেওঁলোকৰ ক্ষোভ আৰু অধিক বৃদ্ধি পায়। আজি সেই ক্ষোভৰ পৰিণতিতে এই ভয়ংকৰ ঘটনা সংঘটিত হয়।   

সচিবালয়ৰ তৃতীয় মহলাৰ পৰা জাপ দিলে উপাধ্যক্ষসহ কেইবাজনো বিধায়ক, সাংসদে...
শিৱসাগৰৰ ননী দেৱীক মনত আছেনে? ন্যায় পালে মহিলাগৰাকীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in